ডিব্ৰুগড়ত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

S. Sonowal

খহনীয়াগ্ৰস্ত অঞ্ল পৰিদৰ্শন মুন্ত্ৰী সোণোৱালৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰিগাঁও তেঙাবাৰী অঞ্চলৰ খহনীয়াগ্ৰস্ত স্থানসমূহ পৰিদৰ্শন কৰে।

সোণোৱালে ৰাজ্যৰ জলসম্পদ বিভাগৰ গৰাখহনীয়া প্ৰতিৰোধী কাম-কাজৰ পৰ্য্যালোচনা কৰে।

বিভাগীয় জলসম্পদ বিষয়াসকলে ৰাজ্য চৰকাৰৰ এচ অ’ পি ডি আঁচনিৰ অধীনত তিনি কোটি টকা ব্যয় সাপেক্ষে অঞ্চলটোত প্ৰোকুপাইন নিৰ্মাণৰ কাম কৰি থকা বুলি জানিবলৈ দিয়ে।

আঁচনিখনৰ অধীনৰ প্ৰায় ৬০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলিও তেওঁলোকে মুখ্য মন্ত্ৰীৰ আগত জনায়।

খহনীয়াৰ পৰা জিলাখনৰ ৰংমলা অঞ্চলক ৰক্ষা কৰাৰ বাবে এচ ডি আৰ এফৰ অধীনৰ পাঁচ কোটি টকাৰ এটা আঁচনিৰ প্ৰস্তাৱ ইতিমধ্যে দাখিল কৰা হৈছে বুলিও বিষয়াসকলে উল্লেখ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে পাৰ্কুপাইনৰ কাম আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত পৰ্য্যালোচনা কৰে।

আনহাতে, আঁচনিখন ৰূপায়ন সন্দৰ্ভত অতিৰিক্ত ধনৰ প্ৰয়োজন হলে তাৰ বাবে জলসম্পদ বিভাগৰ বিষয়াসকলক শীঘ্ৰে প্ৰস্তাৱ দাখিলৰো নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, ডিব্ৰু আৰু ব্ৰহ্মপু্ত্ৰ নদীয়ে মিৰিগাঁও তেঙাবাৰী আৰু ইয়াৰ পাৰ্শ্চৱৰ্তী অঞ্চলত বৃহৎ হাৰত খহনীয়াৰ সৃষ্টি কৰি আহিছে।

তদুপৰি, এই কেইটা নদীয়ে শদিয়াৰ চৈখোৱাঘাটৰ পৰা ৰহমৰিয়াৰ মাইজানঘাটলৈ খহনীয়াৰ সৃষ্টি কৰি আহিছে।

ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ সৈতে সহযোগিতাৰে নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্য্যপন্থা অৱলম্বন কৰি আহিছে।

অসম আৰু উত্তৰ-পূবৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰ চৰকাৰে নীতি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত উত্তৰ-পূব জল ব্যৱস্থাপনা প্ৰাধিকৰণো গঠন কৰিছে।

শনিবাৰে মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণা বৰুৱা আৰু ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত সঞ্জয় দত্ত।