অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ পৰ্যালোচনা সভা

‘ অসম নাগৰিক সমাজ ‘ আৰু ‘ ভাৰত জোড়ো অভিযান ‘ৰ উদ্যোগত ২১ মে মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাব’ ত অষ্টাদশ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে আৰু ইণ্ডিয়া এলায়েঞ্চৰ কেইবা গৰাকী প্ৰাৰ্থীৰ সপক্ষে নাগৰিক সমাজে লোৱা ভূমিকাৰ বিষয়ে এখন পৰ্যালোচনা সভা তথা প্ৰীতি-চাহমেল অনুষ্ঠিত হয়।

সভাত অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী অন্যতম সৰ্বজনশ্ৰদ্ধেয় বৰ্ষীয়ান ব্যক্তিত্ব শ্ৰীযুত কুলদা কুমাৰ ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি প্ৰায় দুকুৰিৰো অধিক লেখক বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাখন পৰিচালনা কৰে ৰাজ্যসভাৰ মাননীয় সাংসদ আৰু অসম নাগৰিক সমাজৰ সভাপতি শ্ৰী অজিত কুমাৰ ভূঞা ডাঙৰীয়াই।

সভাত অসমত সমাপ্ত হোৱা অষ্টাদশ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় , যোৰহাট, নগাঁও কৰিমগঞ্জ, গুৱাহাটী আৰু বৰপেটা সমষ্টিত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ হৈ চলোৱা প্ৰচাৰ অভিযানৰ বিভিন্ন দিশ সম্পৰ্কে বিশদভাবে আলোচনা কৰা হয়।

সভাত লোকসভা নিৰ্বাচনৰ ফলাফল যিয়েই নহওক লাগে অহা ২০২৬ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনতো গণতন্ত্ৰ আৰু অসমৰ স্বাৰ্থত আৰু ভাৰতীয় জনতা পাৰ্টিৰ অসম বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে অসমৰ সকলো অংশৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি ইণ্ডিয়া এলায়েঞ্চৰ হৈ অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান অসমে অধিক দৃঢ়তা আৰু সংঘবদ্ধভাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লয়।