• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ICC T-20 World Cup: ৰুদ্ধশ্বাস মেচত বাংলাদেশক হৰুৱাই ছেমি ফাইনেলত আফগানিস্তান; বিদায় অষ্ট্ৰেলিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2024 11:54 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজখন অন্তিম মুহূৰ্তলৈকে অব্যাহত আছিল। মঙলবাৰে খেলা আফগানিস্তান আৰু বাংলাদেশ দুয়োটা দলৰে সুযোগ আছিল। এই মেচখনৰ ওপৰত নিৰ্ভৰ কৰিছিল অষ্ট্ৰেলিয়াৰো ভাগ্য। তিনিওটা দলৰে টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ সুযোগ আছিল। অৱশেষত বাংলাদেশক ৮ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে আফগানিস্তানে। সেইদৰে, টী-২০ বিশ্বকাপৰ পৰা বিদায় ল’লে অষ্ট্ৰেলিয়াই।

আফগানিস্তানে প্ৰথমে বেটিং কৰি মেচখনত ১১৫ ৰান সংগ্ৰহ কৰে। ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ বাংলাদেশে ১২.১ অভাৰত সেই ৰান সংগ্ৰহ কৰিব লগা হৈছিল। কিন্তু চাকিব আল হাছান বাহিনীয়ে সেয়া কৰিব নোৱাৰিলে। বৰষুণৰ বাবে বাৰে বাৰে খেল বন্ধ কৰি দিয়া হৈছিল। বাংলাদেশৰ লক্ষ্যও সলনি হ’ল৷ জয়ী হ’বলৈ ১৯ অভাৰত ১১৪ ৰানৰ প্ৰয়োজন হৈছিল। শেষত ৮ ৰানত পৰাস্ত হয় বাংলাদেশ।

ফটো সৌজন্যঃ আইচিচি।

আফগানিস্তানে ছুপাৰ এইটত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হৈছিল যদিও অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰিলে। ৰছিদ বাহিনীয়ে ৪ পইণ্টেৰে টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলিব লাগিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।

Apply Now

বৰ্ষাবিঘ্নিত মেচখনৰ এটা সময়ত এনে লাগিছিল যেন বাংলাদেশে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। লিটনৰ দলে দ্ৰুত ৰান কৰি আছিল। কিন্তু পঞ্চম উইকেট পৰাৰ পাছত হঠাৎ ৰৈ গ’ল বাংলাদেশ। সেই সময়ত লিটনৰ দলে খেলখনত ১২.১ অভাৰত জয়ী হ’লে ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা থকা কথা পাহৰি যোৱা যেন লাগিছিল। তাৰ বাবে ৰছিদ আৰু নূৰ আহমেদকো কৃতিত্ব দিয়া উচিত। বাংলাদেশী বেটছমেনসকলে তেওঁলোকৰ স্পিন মোকাবিলাত অসুবিধা পাইছিল।

ফটো সৌজন্যঃ আইচিচি।

ফজল হক ফাৰুকী আৰু নবীন উল হকে উইকেট লোৱাৰ আৰম্ভণি কৰে। ২৩ ৰানৰ ভিতৰত ৩ টা উইকেট হেৰুৱায় বাংলাদেশে। মাজৰ অভাৰত ৰছিদে শক্তি দেখুৱাইছিল। তেওঁ ৪ অভাৰত ২৩ ৰান দি ৪ টা উইকেট দখল কৰে। আনহাতে, নূৰে এটাও উইকেট নাপালেও ৪ অভাৰত মাত্ৰ ১৩ ৰান দিয়ে। তাতেই বাংলাদেশ সমস্যাত পৰে। তেওঁলোকৰ পৰাজয়ৰ আঁৰত নিশ্চিতভাৱে দলৰ মিডল অৰ্ডাৰৰ বিফলতা।

লিটনেও দোষ মানি ল’ব লাগিব। তেওঁ আছিল একমাত্ৰ বেটছমেন যিয়ে শেষলৈকে আছিল। কিন্তু অপৰাজিত লিটনে বাৰে বাৰে এক ৰান লৈ তাঞ্জিম হাছান চাকিব আৰু টাস্কিন আহমেদক ষ্ট্ৰাইক দিছিল। বহুবাৰ দেখা গৈছিল যে শেষৰ বলৰ পৰা এক ৰান নল’লে লিটনে বেটিং কৰাৰ সুযোগ পায় যদিও বাংলাদেশে তাত এক ৰান লৈছিল। বহু সময়ত অৰ্ধশতক অৰ্জন কৰা লিটনে দলৰ বলাৰসকলক অভাৰৰ প্ৰথম বলত এক ৰান লৈ বেটিং কৰিবলৈ দিছিল। যদিহে তেওঁ অধিক বল খেলিবলৈ চেষ্টা কৰিলেহেঁতেন তেন্তে বাংলাদেশে হয়তো জয়ী হ’লহেঁতেন।

ফটো সৌজন্যঃ আইচিচি।

মেচৰ মেন অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় নবীনক। তেওঁ ২৬ ৰাণত ৪টা উইকেট দখল কৰে। অৱশ্যে বাংলাদেশৰ বিৰুদ্ধে এই খেলখনত ৰছিদো মেন অৱ দ্য মেচৰ বঁটাৰ যোগ্য আছিল। তেওঁ ২৩ ৰাণত ৪টা উইকেট দখল কৰে। গুৰুত্বপূৰ্ণ সময়ত ৰাণৰ গতি স্তব্ধ কৰি দিয়ে। পাহৰি যোৱা উচিত নহয় যে ৰছিদে বেটিং কৰিও তিনিটা ছয় মাৰিছিল। তেওঁৰ ১০ টা বলৰ ইনিংছত মৰা সেই তিনিটা ছয়ে দলটোক যুঁজৰ সুযোগ দিছিল। যদি ৰছিদে সেই ৰান নকৰিলহেঁতেন তেন্তে তেওঁৰ দেশ হাৰি যোৱাৰো সম্ভাৱনা আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd