• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আঁউসীৰ ধাৰ সুজিলে পূৰ্ণিমাত! ৰোহিতময় মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2024 8:31 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঁউসীৰ ধাৰ পূৰ্ণিমাত সুজিলে ভাৰতে। আহমেদাবাদত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজিত হৈ চকুলো টুকি খেলপথাৰ এৰিছিল ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই। সোমবাৰে ছেইণ্ট লুচিয়াত সেই পৰাজয়ৰ প্ৰতিশোধ ল’লে টীম ইণ্ডিয়াই। সৌজন্যত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা। অকলেই তেওঁ অষ্ট্ৰেলিয়াক নক আউট কৰি দিলে। ভাৰতৰ পাহাৰ সদৃশ ২০৫ ৰান খেদি অষ্ট্ৰেলিয়া ১৮১ ৰানতে স্তব্ধ হৈ যায়।

কিন্তু এতিয়াই অষ্ট্ৰেলিয়াৰ বিশ্বকাপৰ অভিযান শেষ হৈ গ’ল নে নাই সেয়া মঙলবাৰলৈ অপেক্ষা কৰিব লাগিব। বাংলাদেশ-আফগানিস্তানৰ খেলখনতো অষ্ট্ৰেলিয়াৰ দৃষ্টি থাকিব। আফগান দল জয়ী হ’লে অষ্ট্ৰেলিয়াৰ বিশ্বকাপৰ অভিযান শেষ। আনহাতে, শক্তিশালী অষ্ট্ৰেলিয়াক ২৪ ৰানত পৰাস্ত কৰি ভাৰতে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে।

আহমেদাবাদৰ সেই অভিশপ্ত ফাইনেলৰ ছাঁ পৰিছিল টী-২০ বিশ্বকাপৰ ভাৰত-অষ্ট্ৰেলিয়া ছুপাৰ এইট মেচত। হেড সেইদিনা নায়ক আছিল। সোমবাৰে তেওঁ এজন ট্ৰেজিক নায়ক। ইয়াকে হয়তো কোৱা হয় মধুৰ প্ৰতিশোধ! আহমেদাবাদত অনুষ্ঠিত সেই ফাইনেলত ট্ৰেভিছ হেডে আক্ৰমণাত্মক হৈ উঠা ৰোহিত শৰ্মাৰ কেচ ধৰিছিল। ইয়াৰ পিছত ভাৰতৰ ৰাণ খেদিবলৈ নামি শতক অৰ্জন কৰি হেডে মেচ আজুৰি লৈ অষ্ট্ৰেলিয়াৰ ড্ৰেছিং ৰুমত প্ৰৱেশ কৰিছিল। ৰোহিত বাহিনীৰ সন্মুখতে পেট কামিন্সে বিশ্বকাপ তুলি লৈছিল।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

সোমবাৰৰ দিনটোতো সেই ট্ৰেভিছ হেডে (৭৬) ভাৰতৰ ৰান খেদিবলৈ নামি আহি এটা সময়ত বিপদজনক হৈ পৰিল। কিন্তু মেচখনৰ সঠিক সময়তে ৰোহিতে বুমৰাহৰ বলত তেওঁৰ কেচটো হাতত বন্দী কৰিছিল। ইতিহাসৰ পৃষ্ঠাত একোৱেই নাথাকে। সোমবাৰে খেলপথাৰতে ঋণ পৰিশোধ কৰি গ’ল ৰোহিতে।

ছুপাৰ এইটত টীম ইণ্ডিয়াই দুৰ্দান্ত আৰম্ভণি কৰিছিল। আনহাতে, আফগানিস্তানৰ হাতত পৰাস্ত হৈ হঠাৎ বেকফুটত যায় অষ্ট্ৰেলিয়া। পেট কামিন্সৰ দলটোৱে চাপ অনুভৱ কৰিবলৈ ধৰিলে। ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ জয়ৰ বাহিৰে আন কোনো বিকল্প নাছিল। অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্ছে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ প্ৰেৰণ কৰে। কিন্তু দিনটো আছিল ৰোহিত শৰ্মাৰ (৪১ বলত ৯২)।

ফটো সৌজন্যঃ আইচিচি।

আৰম্ভণিৰে পৰাই হিটমেনে বেটেৰে ধুমুহাৰ সৃষ্টি কৰিলে। বিৰাট কোহলীয়ে একাউণ্ট নোখোলাকৈ ঘূৰি আহিলেও অষ্ট্ৰেলিয়াই যে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিব নোৱাৰিলে তাৰ মূল কাৰণেই ৰোহিত। তেওঁ নিৰ্দয় হৈ পৰিল। ছয়ৰ বৰ্ষণ আনি দিলে। অষ্ট্ৰেলিয়াৰ বলাৰসকলে যেন পাহৰি গৈছিল যে তেওঁলোকে কোন লেংথত বলিং কৰিব। ৰোহিতে ইচ্ছামতে শ্বটবোৰ গোটেই খেলপথাৰৰ ইপিনে-সিপিনে মাৰি পঠিয়ালে।

দিনোটোত তেওঁ ভাৰতীয় বেটিঙৰ তাৰকা। ৰোহিত শৰ্মা তেনেকুৱাই। যিদিনা তেওঁ খেলিব, বাকীবোৰ মাত্ৰ পাৰ্শ্ব চৰিত্ৰ। ডাঙৰ মেচৰ বলাৰ মিচেল ষ্টাৰ্কে এটা অভাৰত ২৯ ৰান দিলে। ৰোহিতে তেওঁৰ এটা অভাৰত চাৰিটা ছয় আৰু এটা চাৰি মাৰে। ষ্টাৰ্কে এটা বল ৱাইড দিয়ে। ৰোহিতে ১৯টা বলত পঞ্চাশ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ পিছত খেলখন আগবাঢ়ি যোৱাৰ লগে লগে ৰোহিত অধিক ভয়ংকৰ হৈ পৰিল।

ফটো সৌজন্যঃ আইচিচি।

 ভাৰতীয় অধিনায়কগৰাকীয়ে বিস্ফোৰক বেটিং কৰিছিল যদিও পণ্টে (১৫) পুনৰ মাৰি খেলিবলৈ গৈ আউট হয়। ঠিক যেতিয়া ভাৰতৰ অধিনায়কগৰাকীৰ দ্ৰুততম শতকটো মাথোঁ সময়ৰ অপেক্ষা যেন লাগিছিল, তেতিয়াই ষ্টাৰ্কৰ য়ৰ্কাৰে তেওঁৰ উইকেট ভাঙি পেলালে। সূৰ্যকুমাৰ (৩১), শিৱম ডুবে (২৮) আৰু হাৰ্দিক পাণ্ডিয়া (২৭*)ৰ সহায়ত ভাৰতে ৰানৰ পাহাৰ গঢ়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টী-২০ বিশ্বকাপত এইটোৱেই সৰ্বাধিক স্ক’ৰ।

ভাৰতৰ ৫ উইকেটত ২০৫ ৰানৰ প্ৰত্যুত্তৰত খেলিবলৈ নামি আৰম্ভণিতে ডেভিড ৱাৰ্নাৰে (৬)উভতি যায়। এদিনীয়া বিশ্বকাপৰ ফাইনেলত ট্ৰেভিছ হেডে এককভাৱে ভাৰতৰ পৰা খেলখন কাঢ়ি নিছিল। এইবাৰো তেওঁ আতংকৰ কাৰণ হৈ পৰিছিল। অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্ছেও ভাবুকি হোৱাৰ ইংগিত দেখুৱাইছিল।

ফটো সৌজন্যঃ আইচিচি।

সাধাৰণতে কোৱাৰ দৰে কেচেই মেচত জয়ী কৰে। মাৰ্চ আৰু হেডে আহমেদাবাদত সেই অভিশপ্ত নিশাটো পুনৰ দখল কৰাৰ চেষ্টাত ব্যস্ত হৈ থকাৰ সময়তে অক্ষৰ পেটেলে কুলদীপৰ বলত মাৰ্চৰ দুৰ্ধৰ্ষ কেচটো ধৰে। এনেধৰণৰ কেচে ভাৰতীয় দলৰ মনোবল কেইবাগুণো বৃদ্ধি কৰিলে। কুলদীপে ৮১ ৰানৰ অংশীদাৰিত্ব ভংগ কৰে। মেক্সৱেলে যিকোনো দিনেই, যিকোনো সময়তে মেচৰ গতি ঘূৰাই দিব পাৰে। হেডৰ সৈতে মেড মেক্সো বিপদজনক হোৱাৰ ইংগিত দিছিল। কিন্তু কুলদীপৰ যাদুকৰী ডেলিভাৰীয়ে মেক্সৱেলৰ (১৯) উইকেট ভাঙি পেলায়।

মাৰ্কাছ ষ্ট’ইনিছও বেছি সময় টিকি নাথাকিল। কিন্তু ভাৰতীয় শিবিৰক শংকিত কৰি ট্ৰেভিছ হেডে যুঁজখন অকলে আগবঢ়াই নিছিল। বুমৰাহে হেডক স্তব্ধ কৰে। যেতিয়ালৈকে তেওঁ ক্ৰীজত আছিল, অষ্ট্ৰেলিয়াৰ আশা বৰ্তি আছিল। তেওঁ উভতি যোৱাৰ লগে লগে ভাৰতে খেলখন নিয়ন্ত্ৰণ কৰিবলৈ লয়। এটা এটাকৈ অষ্ট্ৰেলিয়াৰ আশা নিৰ্বাপিত হৈ পৰিল। ভাৰতে অন্তিম চাৰিটা স্থানৰ যোগ্যতা অৰ্জন কৰিলে।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ২০৫/৫ (ৰোহিত ৯২, সূৰ্য্য ৩১, ষ্টাৰ্ক ২/৪৫)

অষ্ট্ৰেলিয়া: ১৮১/৭ (হেড ৭৬, মাৰ্চ ৩৭, অৰ্শদীপ ৩/৩৭)

ভাৰতে ২৪ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd