NORTHEAST NOW (Assamese)

কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক অসম নাগৰিক সমাজৰ গৰিহণা

April 23, 2025 1:54 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নীৰিহ লোকক হত্যা কৰা কাণ্ডক তীব্ৰ গৰিহণা দিছে অসম নাগৰিক সমাজে। অসম নাগৰিক সমাজে এই ঘটনাক ধিক্কাৰ জনাই সংবাদ মাধ্যমলৈ এক বিবৃত্তি প্ৰেৰণ কৰিছে। অসম নাগৰিক সমাজে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃত্তিটো হুবহু তলত প্ৰকাশ কৰআ হ’ল –

কালি কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটক আৰু নাগৰিকৰ ওপৰত চলোৱা নৃশংস আৰু বৰ্বৰ আক্ৰমণৰ ঘটনাত আমি স্তম্ভিত আৰু হতচকিত হৈ পৰিছোঁ। ইতিমধ্যে এই ঘটনাত ২৭গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু আন ভালেমান লোক গুৰুতৰভাবে আহত হোৱা বুলি জানিব পৰা গৈছে। নিহত আৰু আহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহলৈ আমি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। সমাজৰ সকলো স্তৰৰ লোকে এনে ঘৃণনীয় কাৰ্য্যৰ তীব্ৰ নিন্দা কৰা উচিত। সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক সকলৰ উদ্দেশ্য অতি স্পষ্ট। তেওঁলোকে কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাটো নিবিচাৰে। কিন্তু কোন এই সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকসকল? এওঁলোক অকল সীমাৰ সিপাৰৰ লোক নে তেওঁলোকৰ লগত আন শক্তিও জড়িত হৈ আছে? একে সময়তে,  ইমান বেছিসংখ্যক পৰ্যটক থকা অঞ্চলত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কিয় লোৱা হোৱা নাছিল বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে! এই সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্তৰ লগতে ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা ল’বলৈও আমি দাবী জনাওঁ। এইখিনিতে প্ৰশ্ন হয়, ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা বুলি কেন্দ্ৰৰ বিজেপি চৰকাৰে সদম্ভে কৰা দাবীৰ এতিয়া কি হ’ব? কিয় এটাৰ পিছত এটাকৈ কাশ্মীৰ উপত্যকাত এতিয়াও এনে বৰ্বৰ সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈ আছে? ইয়াৰ অৰ্থ এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰে অশান্তি-জৰ্জৰ অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে হাতত লোৱা ব্যৱস্থাসমূহে আশানুৰূপ ফল দিয়া নাই। আমি ভাবোঁ, সন্ত্ৰাসবাদীক   কঠোৰ হাতেৰে দমন কৰাৰ লগতে সন্ত্ৰাসবাদীক সাধাৰণ মানুহৰপৰা বিচ্ছিন্ন কৰাৰ প্ৰচেষ্টাও আন্তৰিকতাৰে চলোৱা উচিত।

অজিত কুমাৰ ভূঞা, সভাপতি, পৰেশ মালাকাৰ,
সাধাৰণ সম্পাদক
অসম নাগৰিক সমাজ

Related News