মণিপুৰত ঘটা হিংসাত্মক ঘটনাত অসম নাগৰিক সমাজৰ উদ্বেগ প্ৰকাশ

আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰ সম্প্ৰতি ভয়ানক ভ্ৰাতৃঘাতী সংঘৰ্ষত জৰ্জৰিত। ইতিমধ্যে এই সংঘৰ্ষত মণিপুৰৰ ভালেমান লোকে প্ৰাণ হেৰুৱাইছে আৰু কেবাহাজাৰ লোক গৃহহীন হৈ আশ্ৰয় শিবিৰত আছে। এই মুহূৰ্ত্তত সংঘৰ্ষৰ শাম কাটিছে যদিও পৰিস্থিতি ভিতৰি অত্যন্ত উত্তেজনাপূৰ্ণ আৰু অস্থিৰ হৈ আছে। আনকি আশ্ৰয় শিবিৰসমূহতো মানুহে নিৰাপদ অনুভৱ নকৰা হৈছে।

ওচৰ- চুবুৰীয়া হিচাপে এই সমগ্ৰ ঘটনাৰাজি আমি গভীৰ উদ্বেগ আৰু উৎকন্ঠাৰে লক্ষ্য কৰি আছোঁ।যোৱা কিছু বছৰ ধৰি মণিপুৰত কিছুমান উদ্বেগজনক ঘটনা ঘটি আছিল। কিন্তু, শেহতীয়া হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ এটা বিশেষ সম্প্ৰদায়ক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি। আমি অনুভৱ কৰিছোঁ ৰাজ্য চৰকাৰে যেন নিৰপেক্ষতাৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হৈছে।

দুৰ্ভাগ্যজনক কথা যে মণিপুৰ জ্বলি থকা সময়ত, শাসকীয় দলৰ কেন্দ্ৰীয় নেতৃত্ব ব্যস্ত আছিল কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত ।এই কথা অনস্বীকাৰ্য্য যে ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই আনিবলৈ হ’লে তাত থকা বিভিন্ন জনগোষ্ঠীৰ মাজৰ দীৰ্ঘদিনীয়া সংঘাতৰ মূল কাৰণসমূহ বাছি উলিয়াই তাৰ সমাধানৰ উপায় উলিয়াব লাগিব।

কিন্তু এই মুহূৰ্ত্তৰ প্ৰয়োজন হ’ল হিংসাৰ অৱসান ঘটোৱা আৰু তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিশেষকৈ শিশু, বৃদ্ধ আৰু নাৰীসকলৰ প্ৰতি যথোচিত সাহায্য প্ৰদান কৰা। অসম নাগৰিক সমাজে অনুভৱ কৰে যে মণিপুৰলৈ স্থায়ী শান্তি আৰু সুস্থিৰতা ঘূৰাই আনিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক্ষীপ্ৰতাৰে আৰু সম্পূৰ্ণ নিৰপেক্ষতাৰে কাৰ্যকৰী ব্যৱস্থা হাতত লওক আৰু সংঘৰ্ষত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক।

আমি সমগ্ৰ মণিপুৰৰ জনসাধাৰণলৈও আহ্বান জনাওঁ তেখেতসকলে যাতে পৰিস্থিতিৰ অধিক অৱনতি ঘটাব পৰা কোনো পদক্ষেপ হাতত নলয়।

অজিত কুমাৰ ভূঞা, সভাপতি, পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক
অসম নাগৰিক সমাজ