• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ ৪০টা নিকায়-নিগমত অধ্যক্ষ-উপাধ্যক্ষ নিযুক্তিত মুখ্যমন্ত্ৰীৰ অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 8:24 am
Sarbananda-Sonowal-Assam-CM-750x375
362
VIEWS
Share on FacebookShare on Twitter

বিজেপিকে ধৰি মিত্ৰজোঁটৰ অসন্তুষ্ট নেতা-বিধায়কক সংস্থাপিত কৰাৰ লগতে আগন্তুক পঞ্চায়ত তথা লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৪০ টা নিকায়- নিগমত অধ্যক্ষ আৰু উপাধ্যক্ষ পদত সোমবাৰে চৰকাৰে নিযুক্তি দিয়ে।

নতুনকৈ নিযুক্তি দিয়া এইসকলৰ মাজত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক AEDCৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে। বিধায়কজনক কেবিনেট মৰ্যাদাৰে এই পদত নিযুক্তি দিয়া হৈছে।

একেদৰে কেবিনেট মৰ্যাদাৰে বি পি এফৰ ইমানুৱেল মুছাহাৰীক ক্ষুদ্ৰ উদ্যোগ উন্নয়নৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে। ক্ষুদ্ৰ উদ্যোগ উন্নয়নৰ উপাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে অমল বৈশ্যক।

অসম গেছ কোম্পানীৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে বিজেপি বিধায়ক বলীন চেতিয়াক। তেওঁকো কেবিনেট মৰ্যাদাৰে নিযুক্তি দিয়া হৈছে। তদুপৰি, অসম গেছ কোম্পানীৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ইন্দ্ৰ গগৈক।

কেবিনেট মৰ্যাদাৰে মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিধায়ক ৰমাকান্ত দেউৰীক। নৱ বৈশ্যক মীন উন্নয়ন নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।

বিধায়ক অশোক সিংঘলক কেবিনেট মৰ্যাদাৰে জি এম ডি এৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। জি এম ডি এৰ উপাধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে মুকুতা ডেকাক।

বিধায়ক আমিনুল হক লস্কৰক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে অসম সংখ্যালঘু উন্নয়ন নিগমৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে। সংখ্যালঘু উন্নয়ন নিগমৰ উপাধ্যক্ষ নিযুক্তি দিয়া হৈছে আমিদুৰ ৰহমানক।

একেদৰে বিধায়ক ডাঃনোমল মমিনক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে নগৰ পানীযোগান ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। নগৰ পানীযোগান ব’ৰ্ডৰ উপাধ্যক্ষ নিযুক্তি দিয়া হৈছে নীৰেন বৈশ্যক।

বিধায়ক গুৰুজ্যোতি দাসক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। অনুসূচিত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে স্বপন মণ্ডলক।

একেদৰে, ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে বিধায়ক অশ্বিনী ৰয় সৰকাৰক অন্যান্য পিছপৰা জাতি উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। অন্যান্য পিছপৰা জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে গায়ক কৃষ্ণমণি চুতীয়াক।

বিধায়ক দীপক ৰাভাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে আৰ্টফেডৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। আৰ্টফেডৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ৰূপা কামানক।

অসম বীজ নিগমৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে অগপৰ প্ৰবীণ হাজৰিকাক। ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে অলক ঘোষক।

অশোক বাট্টা ৰয়ক পৰিবহণ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। পৰিবহণ নিগমৰ উপাধ্যক্ষৰ দায়িত্ব হৰিচৰণ বড়োক অৰ্পন কৰা হৈছে। দিগন্ত ঘাটোৱাৰক অৰ্পন কৰা হৈছে ৰাজ্যিক ৱেৰ হাউছ নিগমৰ অধ্যক্ষৰ দায়িত্ব। ৱেৰ হাউছ নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ৰুমী গোস্বামীক।

সেইদৰে, অমিয় বৰাক অসম চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ লগতে সীমাঞ্চল দীঘালক অসম চাহ নিগমৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।

আনহাতে, অগপ নেতা বুবুল দাসক ট্ৰেড প্ৰমোশ্যন অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ নিযুক্তি দি ইয়াৰে উপাধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে দিলীপ দাসক।

অৱসৰপ্ৰাপ্ত মুখ্য সচিব টি ৱাই দাসক ষষ্ঠ বিত্ত আয়োগৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ লগতে  আন এগৰাকী প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াক APDCL, APGCL, AEGCLৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে।

লংকী ফাংছ’ক পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ নিযুক্তি দিয়াৰ লগতে বনানি কেম্প্ৰাইক পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ উপাধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে।

ছ’নু ৰয়ক খনি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ পদত নিযুক্তি দিয়াৰ লগতে শিৱাজী ডুবেক হাইড্ৰ’ কাৰ্বন এনাৰ্জি কোম্পানীৰ উপাধ্যক্ষৰ দায়িত্ব, কমল ডেকাক প্লেনটেশ্যন কৰ্প’ৰেশ্যনৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।

APGCLৰ সঞ্চালকৰূপে নিযুক্তি ৪জন বিজেপি নেতাক নিযুক্তি দিয়া হৈছে। তেওঁলোক হ’ল  নিত্যভূষণ দে’, শংকৰ দাস, অনুপ সিং ৰাজপুৰোহিত আৰু ভৱেন শৰ্মা।

আনহাতে, APDCLৰ সঞ্চালক হিচাপে প্ৰদীপ ঠাকুৰীয়া আৰু তৰুণ বৰুৱা মৰাণক নিযুক্তি দিয়া হৈছে। AEGCLৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে মহেন্দ্ৰ কোঁৱৰ, হেমচন্দ্ৰ দলে আৰু অদ্যুত্‍ ফুকনক।

একেদৰে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সঞ্চালকৰূপে ৪জনক নিযুক্তি দিয়া হৈছে। তেওঁলোক হ’ল আব্দুল সুভান, মতিউৰ ৰহমান, তবিবুৰ ৰহমান আৰু ৰহিম জিব্ৰান‍।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd