NORTHEAST NOW (Assamese)

ৰূপৰ পদক অৰ্জনেৰে দেশবাসীক গৌৰৱাম্বিত কৰা হিমালৈ মুখ্য মন্ত্ৰীৰ অভিনন্দন

August 26, 2018 10:48 pm · এনই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

জাকার্টাত অনুষ্ঠিত এছিয়ান গেইমছত ৪০০ মি দৌৰত ৰূপৰ পদক অৰ্জনেৰে ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱাম্বিত কৰা হিমা দাসক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে হিমাৰ বিৰল কৃতিত্বত আজি ৰাজ্যবাসীৰ লগতে দেশবাসী গৌৰৱান্বিত আৰু উৎফুল্লিত। তেওঁ কয়, ‘অলপতে ফিনলেণ্ডত অনুষ্ঠিত হৈ যোৱা ২০ অনুৰ্দ্ধ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ পদক আজুৰি আনি আমাক গৌৰৱান্বিত কৰাৰ উপৰি জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত ৪০০ মিটাৰ দৌৰত ৰূপৰ অৰ্জন কৰি দ্বিতীয় বাৰৰ বাবে আমাক গৌৰৱান্বিত হোৱাৰ সুযোগ প্ৰদান কৰিলে।‘

আগন্তুক দিনসমূহতো হিমা দাসে আন্তঃৰাষ্ট্ৰীয় হিমা দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অধিক উন্নত প্ৰদৰ্শনেৰে পদক লাভ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

Related News