অসহিষ্ণু! ৰাহুল গান্ধীৰ বিৰুদ্ধে উচটনিৰ গোচৰ তৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Bharat Jodo Nyay Yatra Kharge Letter To Amit Shah

ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক আজি গুৱাহাটীত প্ৰৱেশত বাধা দিয়া হ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি অসম আৰক্ষীয়ে বাধা দিয়ে যাত্ৰাক।

অসম আৰক্ষীয়ে যাত্ৰাক গুৱাহাটীত প্ৰৱেশত বাধা দিয়াৰ পিছতে কংগ্ৰেছৰ কৰ্মীসকলে আৰক্ষীৰ বেষ্টনী ভাঙি যাত্ৰা আগবঢ়াই নিয়াৰ চেষ্টা কৰে। এই সময়ত অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও প্ৰহৃত হয়।

এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে জনসমাগমক উচটনি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। এক টুইট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ দিয়ে নিৰ্দেশনা।

যাত্ৰাৰ সময়ত হোৱা এই ঘটনাক নক্সালবাদী কৌশল আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, অসম এখন শান্তিপূৰ্ণ ৰাজ্য আৰু এয়া অসমীয়া সংস্কৃতিৰ অংশ নহয়।

ঘটনাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দি যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বিভিয়ে টুইটাৰত আপলোড কৰা এক ভিডিঅ’ক প্ৰমাণ হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

ইফালে গুৱাহাটীত যাত্ৰা প্ৰৱেশত বাধা দিয়াৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ কৰ্মকৰ্তাসকলে কেতিয়াও নিয়ম ভংগ নকৰে আৰু আইন-শৃংখলা বিঘ্নিত নকৰে।

গান্ধীয়ে লগতে ‘ইয়াৰ অৰ্থ এইটো নহয় যে আমি দুৰ্বল’ বুলিও হুংকাৰ দিয়ে। “অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে নিয়ম ভংগ কৰিব পাৰে, কিন্তু আমি এনে কাম কেতিয়াও নকৰো।”- গান্ধীয়ে লগতে কয়।