সাৱধান কোভিড চিকিৎসকসকল : নিশা ২ বজাত আহিব পাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ভিডিঅ’ কল!

index

এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই ৰাজ্যৰ কোভিড পৰিস্থিতি। দৈনিক হাজাৰ হাজাৰ লোক কৰোনাত আক্ৰান্ত হৈ থকাৰ সমান্তৰালভাৱে কৰোনাক্ৰান্তৰ মৃত্যু হোৱাৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে।

কালিৰ দিনটোত ৰাজ্যত ৬,৩৯৪ গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯২ গৰাকীকৈ কৰোনাক্ৰান্তৰ মৃত্যু ঘটিছে।

ৰাজ্যৰ এই ভয়ংকৰ কোভিড পৰিস্থিতিৰ মাজতে বিভিন্ন প্ৰান্তৰ কোভিড চিকিৎসালয়ৰ কোভিড ৰোগীয়ে চ’ছিয়েল মিডিয়াত ভিডিঅ’ৰ যোগে যাৱতীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে কৰ্তব্যৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

এনে অভিযোগ উত্থাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ প্ৰতি কিছু কঠোৰ হোৱা দেখা গৈছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে দুপৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কোভিড চিকিৎসা সেৱা তদাৰক কৰাৰ পিছতে আজি পুনৰ এক ঘোষণাৰে চিকিৎসকসকলক সতৰ্ক কৰি দিছে।

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাতি ২ বজাতো কৰ্তব্যৰত চিকিৎসকলৈ ভিডিঅ’ ক’ল কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

কোভিড মহামাৰীৰ ত্ৰাসৰ মাজতে মঙ্গলবাৰে তেজপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কোভিডৰ পৰিস্থিতি বুজ লৈ উল্লেখ কৰে যে শোণিতপুৰ জিলাৰ কোভিড আক্ৰান্ত লোকৰ সংখ্যা ১০% লৈ বৃদ্ধি পাইছে।

আনহাতে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেজপুৰ মেডিকেল কলেজত ৰাতি জ্যেষ্ঠ চিকিৎসক উপস্থিত নথকাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

তদুপৰি দুখীয়া লোকসকলক ২০০০ টকাৰ এককালীন সাহায্য আৰু আৰু আইচিউ বিচনা বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ৫০ বছৰৰ ওপৰৰ ব্যক্তিক ঘৰত হ’ম আইচলেচনৰ সঠিক ব্যৱস্থা নাথাকিলে চিকিৎসালয়ত ৰাখিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।