NORTHEAST NOW (Assamese)

শৈশৱৰ বিদ্যালয়ত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল মুখ্য মন্ত্ৰী সোণোৱাল

September 3, 2018 7:43 pm · এন ই নাও নিউজ

নিজৰ স্কুলীয়া দিনৰ কথা ৰোমন্থন কৰি আজি নষ্টালজিক হৈ পৰিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বিদ্যালয়খনত সোণোৱাল উপস্থিত হৈছিল।

অসম চৰকাৰৰ শিক্ষা বিভাগে একত্ৰীকৰণ নীতিৰ অন্তৰ্গত মুলুকগাঁও প্ৰাথমিক বিদ্যালয়ৰ আৰু বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে বৰাগাধৈ প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰি এখন বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে মুলুকগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ লগতে বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্ৰেণীত অধ্যয়ণ কৰিছিল।

সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী কয়, ‘শিক্ষক আৰু অভিভাৱক উভয়ে হৈছে এক মহাশক্তি। এই দুয়ো শক্তিয়ে লগ হৈ ছাত্ৰ-ছাত্ৰীক শৃংখলাবদ্ধ, নৈতিকভাৱে শক্তিশালী চৰিত্ৰৰ অধিকাৰী কৰি তোলাৰ সমান্তৰালভাৱে তেওঁলোকক মেধা সম্পন্ন কৰি তুলিবলৈ নিষ্ঠাৰে কাম কৰিব লাগিব।’

মুখ্য মন্ত্ৰীয়ে মুলুকগাঁও প্ৰাথমিক বিদ্যালয় আৰু বৰাগাধৈ প্ৰাথমিক বিদ্যালয় যাতে স্মৃতিৰ গৰ্ভত বিলীন হৈ নাযায় তাৰ বাবে বিদ্যালয় দুখনত এখন কৌশল বিকাশ কেন্দ্ৰ আৰু পুথিভৰাল গঢ়ি তোলা হ’ব বুলি সভাত ঘোষণা কৰে। ইয়াৰ উপৰি বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাথনি সৱলীকৰণৰ বাবে নাবাৰ্ডে আগবঢ়োৱা ৩ কোটি টকাৰে ৰূপায়ন কৰিবলগীয়া বিভিন্ন কাম শীঘ্ৰে আৰম্ভ হ’ব বুলিও সদৰী কৰে।

মুখ্য মন্ত্ৰীৰ সৈতে উক্ত সভাত বিধায়কদ্বয় ক্ৰমে ঋতুপৰ্ণ বৰুৱা, বিনোদ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদ্দুৰী প্ৰমুখ্যে শিক্ষাবিভাগৰ কেইবগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Related News