• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শৈশৱৰ বিদ্যালয়ত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল মুখ্য মন্ত্ৰী সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 3, 2018 7:43 pm

2 min read

Sarbananda Sonowal
209
VIEWS
Share on FacebookShare on Twitter

নিজৰ স্কুলীয়া দিনৰ কথা ৰোমন্থন কৰি আজি নষ্টালজিক হৈ পৰিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বিদ্যালয়খনত সোণোৱাল উপস্থিত হৈছিল।

অসম চৰকাৰৰ শিক্ষা বিভাগে একত্ৰীকৰণ নীতিৰ অন্তৰ্গত মুলুকগাঁও প্ৰাথমিক বিদ্যালয়ৰ আৰু বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে বৰাগাধৈ প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰি এখন বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে মুলুকগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ লগতে বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্ৰেণীত অধ্যয়ণ কৰিছিল।

সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী কয়, ‘শিক্ষক আৰু অভিভাৱক উভয়ে হৈছে এক মহাশক্তি। এই দুয়ো শক্তিয়ে লগ হৈ ছাত্ৰ-ছাত্ৰীক শৃংখলাবদ্ধ, নৈতিকভাৱে শক্তিশালী চৰিত্ৰৰ অধিকাৰী কৰি তোলাৰ সমান্তৰালভাৱে তেওঁলোকক মেধা সম্পন্ন কৰি তুলিবলৈ নিষ্ঠাৰে কাম কৰিব লাগিব।’

মুখ্য মন্ত্ৰীয়ে মুলুকগাঁও প্ৰাথমিক বিদ্যালয় আৰু বৰাগাধৈ প্ৰাথমিক বিদ্যালয় যাতে স্মৃতিৰ গৰ্ভত বিলীন হৈ নাযায় তাৰ বাবে বিদ্যালয় দুখনত এখন কৌশল বিকাশ কেন্দ্ৰ আৰু পুথিভৰাল গঢ়ি তোলা হ’ব বুলি সভাত ঘোষণা কৰে। ইয়াৰ উপৰি বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাথনি সৱলীকৰণৰ বাবে নাবাৰ্ডে আগবঢ়োৱা ৩ কোটি টকাৰে ৰূপায়ন কৰিবলগীয়া বিভিন্ন কাম শীঘ্ৰে আৰম্ভ হ’ব বুলিও সদৰী কৰে।

মুখ্য মন্ত্ৰীৰ সৈতে উক্ত সভাত বিধায়কদ্বয় ক্ৰমে ঋতুপৰ্ণ বৰুৱা, বিনোদ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদ্দুৰী প্ৰমুখ্যে শিক্ষাবিভাগৰ কেইবগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd