আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ অনুৰোধ : কি এই বিশেষ অনুৰোধ?

অপহৃত ৰিতুল শইকীয়াৰ তিতাবৰস্থিত বাসগৃহ উপস্থিত হৈ পিতৃ-মাতৃৰ স্বাস্থ্য বুজ ল'লে মুখ্যমন্ত্ৰী শৰ্মাই

CM Himanta

আলফা(স্বা)নে অপহৰণ কৰি নিয়া অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ তিতাবৰস্থিত ঘৰত আজি উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অপহৃত কৰ্মচাৰীগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদ্স্যসকলৰ স্বাস্থ্যৰ বুজ লয়।

পুৱা ভাগত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু লোকসভাৰ সাংসদ তপন গগৈৰ সৈতে অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহ উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই বৃদ্ধ পিতৃ-মাতৃক তেওঁলোকৰ পুত্ৰ এতিয়াও সুস্থ অৱস্থাৰে ম্যানমাৰৰ আলফা(স্বা) শিবিৰতে আছে বুলি জনাইছে। এই কথা ৰাতুল শইকীয়াৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ইফালে ৰিতুল শইকীয়াৰ বৃদ্ধা মাতৃয়ে পুত্ৰক নিজ বুকুলৈ ওভতাই আনিবলৈ মুখ্যমন্ত্ৰী অনুৰোধ জনোৱা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীয়ে অপহৃত ৰিতুল শইকীয়াক চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰি সুস্থ শৰীৰে উদ্ধাৰ কৰা হ’ব বুলিও বৃদ্ধ পিতৃ-মাতৃৰ লগতে পত্নীক আশ্বাস প্ৰদান কৰে।

ৰিতুল শইকীয়াৰ বাসগৃহৰ পৰা ওলাই আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত আলফা(স্বা)ৰ সেনা প্ৰধান পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈও অনুৰোধ জনায়।

“৮৫ চনৰ পৰা খেলি অহা এই যুদ্ধখনে আজিলৈকে কোনো সমস্যাৰ সমাধান আনি দিব পৰা নাই। বহু তেজাল ডেকাই জীৱন দান কৰিলে, বহু পিতৃ-মাতৃ সন্তানহাৰা হ’ল, পত্নীৰ শিৰৰ সেন্দুৰ মচা গ’ল; যোৱা তিনিটা দশকত অসমৰ বহু লোক জ্ঞাত-অজ্ঞাতভাৱে তেওঁলোকৰ দ্বাৰা নিহত হৈছে।” মুখ্যমন্ত্ৰী শৰ্মাই কয়।

আলফা(স্বা)ৰ তিনিমহীয়া যুদ্ধ বিৰতিৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “মই ভাবো সংযুক্ত মুক্তি বাহিনীয়ে আলোচনাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰক, মই পৰেশ বৰুৱা ডাঙৰীয়ালৈ অনুৰোধ কৰিছো আপুনি আলোচনালৈ আহক, অসমৰ মানুহে আলোচনা বিচাৰিছে।”

কোভিড পৰিস্থিতি তথা নতুন চৰকাৰক কাম কৰিবলৈ সুযোগ দি তিনিমাহৰ বাবে আলফা(স্বা)এ কৰা যুদ্ধ বিৰতি ঘোষণাক স্বাগতম জনালেও মুখ্যমন্ত্ৰী শৰ্মাই এই যুদ্ধবিৰতিত কোনো গ্ৰাউণ্ড ৰোল নাই বুলি মন্তব্য কৰি চৰকাৰে আলফা(স্বা)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।

অৱশ্যে যুদ্ধ বিৰতিৰ গ্ৰাউণ্ড ৰোল নিৰ্মাণ কৰি দুয়োপক্ষই আলোচনাৰ দিশে আৰু আগুৱাই যোৱাৰ পোষকতাও কৰে মুখ্যমন্ত্ৰী ডঃ হিমম্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে যোৱা ২১ এপ্ৰিলত আলফা(স্বা)ৰ সদস্যই শিৱসাগৰ জিলাৰ লাকুৱাস্থিত অ’এনজিচি খাদৰ পৰা অন্য দুজন সতীৰ্থসহ তৈল প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ৰিতুল শইকীয়াক অপহৰণ কৰিছিল।

অৱশ্যে এসপ্তাহৰ ভিতৰতে ভাৰতীয় সেনা আৰু নাগালেণ্ড আৰক্ষীয়ে যুটীয়া অভিযান চলাই নাগালেণ্ডৰ মন জিলাৰ অতব্য অৰণ্যৰ পৰা অন্য দুই অপহৃতক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।