“কাক প্ৰতাৰণা কৰিছে?”: হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি টুইটেৰে প্ৰধানমন্ত্ৰী মোদীক সাৱধানবাণী কংগ্ৰেছ নেতাৰ

Himanta Biswa Sarma

যোৱা ৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছে আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ কাৰ্যসূচীক উপহাস কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ নিজৰ এক পুৰণি টুইটৰ বাবেই ট্ৰলৰ সন্মুখীন হৈছে।

এসময়ৰ প্ৰবল প্ৰতাপী কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মা এতিয়া দেশৰ ভিতৰতে হাইপ্ৰফাইল বিজেপি নেতা। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত দলীয় বিসম্বাদৰ সূচনা কৰি নিৰ্বাচনৰ পিছতেই বিজেপিমূখী হোৱা হিমন্ত বিশ্ব শৰ্মা এতিয়া অসম-বিজেপিৰ উঠি ৰজা-বহি ৰজা।

গেৰুৱা বসন পিন্ধাৰ পাছতেই এসময়ত কংগ্ৰেছ নেতৃত্বৰ প্ৰতি অনুগত হিমন্ত বিশ্ব শৰ্মা সেই একেই কংগ্ৰেছ নেতৃত্বৰে ঘোৰ নিন্দুক হৈ পৰে। এতিয়া ৰাহুল গান্ধীৰ তীব্ৰ বিৰোধী হিমন্ত বিশ্বই পিছে ২০১০ চনত কংগ্ৰেছত থকাৰ সময়ত ৰাহুল গান্ধীক প্ৰশংসা কৰি কৰা এটা টুইট এতিয়া ভাইৰেল হৈ পৰিছে।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে বৃহস্পতিবাৰে আৰম্ভ কৰা ১৫০ দিনীয়া ভাৰত জোড়ো যাত্ৰাক ব্যঙ্গ কৰি শুকুৰবাৰে মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীৰ ওপৰত এটা পেৰডি ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

পিছে শৰ্মাৰ এই টুইটৰ উত্তৰ কংগ্ৰেছ নেতা মণিকাম ঠাকুৰে শৰ্মাৰে আন এটা টুইটেৰে দিয়ে। ২০১০ চনত হিমন্ত বিশ্ব শৰ্মাই কৰা এক বিশেষ টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক হিমন্ত বিশ্ব শৰ্মাই কাক প্ৰতাৰণা কৰিছে বুলি সাৱধান কৰি দিছে।

হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি টুইটটো শ্বেয়াৰ কৰি মণিকাম ঠাকুৰে প্ৰধানমন্ত্ৰী মোদীক সাৱধান কৰি কয়, “তেওঁৰ পৰা সাৱধান হওক। মই জানো আপুনি তেওঁক প্ৰতাৰণা কৰিবলৈ নিদিব।”

 

উল্লেখ্য যে ২০১০ চনৰ এই টুইটটোত হিমন্ত বিশ্ব শৰ্মাই লিখিছিল, “ৰাহুল গান্ধী উপযুক্ত সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব। তেতিয়া আমাৰ আছুৱে তেওঁক নতুন দিল্লীত লগ কৰিবলৈ তেওঁৰ অনুমতি বিচাৰিব।”

পিছে সেইগৰাকী অনুগত হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ ওপৰত দোষ আৰোপ কৰি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি ২০১৫ চনত বিজেপিত যোগদান কৰিছিল।

এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ টুইটটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ পৰা তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে।