অহা ২ মাৰ্চত উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব। ফলাফল পূৰ্বৰ এগজিট প’ল অনুসৰি মেঘালয় আৰু ত্ৰিপুৰাত বিজেপিয়ে ক্ষমতাত তিষ্ঠি থাকিব যদিও মেঘালয় মিত্ৰতা ভংগৰ পাছত বিজেপিয়ে ক্ষমতাৰ পৰা ছিটিকি পৰাৰ সম্ভাৱনা আছে।
ক্ষমতা দখলৰ পৰা বহু যোজন দূৰৈত ৰৈ যোৱা আশংকাৰ সৃষ্টি হোৱাৰ পাছতে বিজেপিয়ে এতিয়া চাণক্য নীতি গ্ৰহণ কৰা দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কনৰাড চাংমাৰ চৰকাৰক দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি আক্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কিন্তু এতিয়া ক্ষমতা লাভৰ দৌৰত পিছ পৰি যোৱাৰ আশংকাত কনৰাড চাংমাৰ শৰণ ল’বলৈ সক্ৰিয় হৈ পৰিছে বিজেপি।
ইয়াৰে অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰিছে। নিউজ এজেন্সী পিটিআইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। খবৰ অনুসৰি মঙলবাৰে নিশা দুয়োগৰাকী নেতাই গুৱাহাটীৰ এখন হোটেলত সাক্ষাৎ কৰে।
সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা মুখ্যমন্ত্ৰী চাংমা গুৱাহাটীত আছিল। এই সংবাদ লাভ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই কনৰাড চাংমাক সাক্ষাৎ কৰিবলৈ হোটেলত উপস্থিত হয়।
ভোটগণনাৰ এটা দিনৰ পূৰ্বে নিশা হোটেলত দুই মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰি ৰুদ্ধদাৰ বৈঠকত মিলিত হোৱাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰণ, প্ৰায়বোৰ এগজিট প’লতে মেঘালয়ত ওলমা বিধানসভাৰ সম্ভাৱনা দেখা গৈছে। এগজিট প’লৰ মতে কনৰাড চাংমাৰ দলটোৱেই একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে।
উল্লেখ্য যে মেঘালয়ত বিজেপি আৰু এন পি পিয়ে মিলি পাঁচ বছৰ চৰকাৰ চলাইছিল। ৰাজ্যত এন পি পিৰ নেতৃত্বত মেঘালয় গণতান্ত্ৰিক মিত্ৰজোঁট (এম ডি এ) আৰু বিজেপিৰ মাজৰ মিত্ৰতা নিৰ্বাচনৰ পূৰ্বে বিচ্ছেদ ঘটে আৰু পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।