• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফলাফলৰ পূৰ্বেই মেঘালয়ৰ ৰাজনীতিত চাণক্য নীতি! কনৰাড চাংমাক সাক্ষাৎ হিমন্ত বিশ্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২ মাৰ্চত উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব। ফলাফল পূৰ্বৰ এগজিট প’ল অনুসৰি মেঘালয় আৰু ত্ৰিপুৰাত বিজেপিয়ে ক্ষমতাত তিষ্ঠি থাকিব যদিও মেঘালয় মিত্ৰতা ভংগৰ পাছত বিজেপিয়ে ক্ষমতাৰ পৰা ছিটিকি পৰাৰ সম্ভাৱনা আছে।

ক্ষমতা দখলৰ পৰা বহু যোজন দূৰৈত ৰৈ যোৱা আশংকাৰ সৃষ্টি হোৱাৰ পাছতে বিজেপিয়ে এতিয়া চাণক্য নীতি গ্ৰহণ কৰা দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কনৰাড চাংমাৰ চৰকাৰক দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি আক্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কিন্তু এতিয়া ক্ষমতা লাভৰ দৌৰত পিছ পৰি যোৱাৰ আশংকাত কনৰাড চাংমাৰ শৰণ ল’বলৈ সক্ৰিয় হৈ পৰিছে বিজেপি।

ইয়াৰে অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰিছে। নিউজ এজেন্সী পিটিআইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। খবৰ অনুসৰি মঙলবাৰে নিশা দুয়োগৰাকী নেতাই গুৱাহাটীৰ এখন হোটেলত সাক্ষাৎ কৰে।

Apply Now

সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা মুখ্যমন্ত্ৰী চাংমা গুৱাহাটীত আছিল। এই সংবাদ লাভ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই কনৰাড চাংমাক সাক্ষাৎ কৰিবলৈ হোটেলত উপস্থিত হয়।

ভোটগণনাৰ এটা দিনৰ পূৰ্বে নিশা হোটেলত দুই মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰি ৰুদ্ধদাৰ বৈঠকত মিলিত হোৱাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰণ, প্ৰায়বোৰ এগজিট প’লতে মেঘালয়ত ওলমা বিধানসভাৰ সম্ভাৱনা দেখা গৈছে। এগজিট প’লৰ মতে কনৰাড চাংমাৰ দলটোৱেই একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে।

উল্লেখ্য যে মেঘালয়ত বিজেপি আৰু এন পি পিয়ে মিলি পাঁচ বছৰ চৰকাৰ চলাইছিল। ৰাজ্যত এন পি পিৰ নেতৃত্বত মেঘালয় গণতান্ত্ৰিক মিত্ৰজোঁট (এম ডি এ) আৰু বিজেপিৰ মাজৰ মিত্ৰতা নিৰ্বাচনৰ পূৰ্বে  বিচ্ছেদ ঘটে আৰু পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd