NORTHEAST NOW (Assamese)

বিশিষ্ট বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামীক পণ্ডিত গিৰিধৰ শৰ্মা বঁটা প্ৰদান মুখ্য মন্ত্ৰীৰ

September 24, 2018 8:54 am · এন ই নাও নিউজ

২৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে বিশিষ্ট বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামীক পণ্ডিত গিৰিধৰ শৰ্মা বঁটা প্ৰদান কৰে।

অসমৰ বৌদ্ধিক জগতৰ উজ্বল নক্ষত্ৰ, বিশিষ্ট শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ ঐকান্তিক প্ৰয়াস, ত্যাগৰ মানসিকতাৰে গঢ় দিয়া আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ে দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি অসমৰ শিক্ষা জগতত সুনাম কঢ়িয়াই আনিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এই মহাবিদ্যালয়খনৰ অগ্ৰগামী যাত্ৰা অধিক তৰান্বিত কৰাৰ বাবে সকলো ধৰণৰ সা-সুবিধা আগবঢ়াব বুলি কয়। লগতে মহাবিদ্যালয়খনৰ খেলপথাৰখনক এক ক্ৰীড়া প্ৰকল্প হিচাপে উন্নয়ন সাধনৰ বাবে প্ৰয়োজনীয় পুঁজি ৰাজ্য চৰকাৰে আগবঢ়াব।

অনুষ্ঠানটোত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ গিৰিশ চন্দ্ৰ শৰ্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News