অসমত ছবি নিৰ্মাণৰ বাবে বলিউডৰ পৰিচালক মধুৰ ভাণ্ডাৰকাৰক আহ্বান মুখ্য মন্ত্ৰীৰ

বলিউডৰ চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে বুধবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়।

আলোচনাত মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগটোক উজ্জীৱিত কৰাৰ বাবে অলপতে কেবিনেট বৈঠকত ৰাজ্যিক চলচ্চিত্ৰ নীতি অনুমোদন জনাইছে বুলি উল্লেথ কৰি চলচ্চিত্ৰ উদ্যোগৰ উত্তৰণ দিশত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে।

মধুৰ ভাণ্ডাৰকাৰক অসমত এখন চলচ্চিত্ৰ নিৰ্মাণৰ পদক্ষেপ ল’বলৈ আহ্বান জনাই আৰু এই দিশত অসম চৰকাৰৰ ফালৰ পৰা তেওঁক সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি কয়।

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ উদ্দেশ্যে গুৱাহাটীলৈ অহা প্ৰসিদ্ধ পৰিচালক গৰাকীয়ে অসমত শ্বুটিং কৰাৰ দিশত এক চিংগল উইণ্ডো ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায় যাতে চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালকসকলে অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়।

এই সম্পৰ্কত সোণোৱালে ভাণ্ডাৰকাৰক কয় যে চলচ্চিত্ৰ পৰ্যটন নীতিৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিড’ৰ প্ৰস্তুত কৰি থকা হৈছে আৰু এই এছ অ’ পি চূড়ান্ত হৈ উঠিলে অসম চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হ’ব।