NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ উত্থানত মুখ্য মন্ত্ৰী সোণোৱালে মানসিক ভাৰসাম্য হেৰুৱাইছে : অপূৰ্ব ভট্টাচাৰ্য

December 23, 2018 8:07 am · কল্পজ্যোতি শইকীয়া

দেশৰ ৫ খন ৰাজ্যৰ নিৰ্বাচনী ফালফলত কংগ্ৰেছৰ উত্থানত শংকিত হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে একপ্ৰকাৰে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে যাৰ ফলত দুয়োগৰাকীয়ে এতিয়া ৰাজনৈতিক শিষ্টাৰৰ বহিৰ্ভূত কথা ক’বলৈ আৰম্ভ কৰিছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ।

শনিবাৰে এক সংবাদমেলযোগে ভট্টাচাৰ্য্যই সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক ‘বেইমান’ তথা ৰহুল গান্ধীক ‘বেইমান দলৰ বেইমান সভাপতি’ বুলি কৰা মন্তব্যক মুখ্য মন্ত্ৰীগৰাকীৰ ‘হতাশাৰ প্ৰতিফলন’ বুলি মন্তব্য কৰে।

শাসকীয় দলে সমগ্ৰ প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি ৰাজ্যৰ মুঠ জিলা পৰিষদৰ ২২১ খন আসনহে আনিবলৈ সক্ষম হোৱাৰ পিছত ‘সোণোৱালে দিল্লীত সংবাদমেল পাতি পঞ্চায়ত নিৰ্বাচনৰ ফটাঢোল কোবোৱাটো হাস্যকৰ‘ বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘বিজেপিয়ে শাসনত থাকিও মাত্ৰ ৫০ শতাংশ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ শাসনত থাকোতে পঞ্চায়তৰ ৮০ শতাংশই লাভ কৰিছিল।‘

ইয়াৰ মাজতে তেওঁ সোণোৱালে জাতীয় নায়কৰ ভূমিকাৰ কথা সমূলি পাহৰি পেলালে বুলি উল্লেখ কৰি কয়, ‘জাতীয় নায়ক হিচাপে অসমৰ জনগণৰ বিশ্বাস আৰু আস্থাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ প্ৰয়োগেৰে অসম চুক্তি তথা অসমীয়াৰ অস্তিত্বক বিশ্বাসঘাটকতা কৰিছে।‘

আনহাতে, অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰাহুল গান্ধীক ‘ননসেন্স’ বুলি কৰা মন্তব্যক ‘অশোভনীয় আৰু নিম্ন ৰুচিবোধৰ পৰিচায়ক’ বুলি মন্তব্য কৰি কয় যে ৰাফেল বিমান ক্ৰয়ৰ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীৰ গঠনৰ দাবী তোলাৰ বাবে উদ্বিগ্ন হৈ হে বিজেপিয়ে ৰাজীৱ ভবন ঘেৰাও কৰিব আহিছিল।

Related News