NORTHEAST NOW (Assamese)

বগীবিল দলং উদ্বোধনৰ প্ৰস্তুতি পৰ্ব পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

December 11, 2018 7:45 pm · এন ই নাও নিউজ

অহা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰীয়ে উদ্ধোধন কৰিব লগীয়া বগীবিল দলং পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ইয়াৰ প্ৰস্তুতি পৰ্বৰ বুজ লয়।

পৰিদৰ্শনৰ পিছতেই ৰে’ল বিভাগৰ অতিথিশালাত মুখ্য মন্ত্ৰীয়ে ৰে’ল বিভাগ তথা ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়া আৰু ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ জিলা উপায়ুক্তৰ সৈতে এক বৈঠকত মিলিত হয়।

উক্ত উদ্বোধনী অনুষ্ঠানত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰৰ জিলা কেইখনৰ লগতে অৰুণাচলৰ প্ৰদেশৰ জনসাধাৰণেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সেয়েহে উদ্বোধনী অনুষ্ঠান যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সোণোৱালে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশ দিয়ে।

আজিৰ উক্ত পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীৰ সৈতে শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তপন গগৈ, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, ভূৱন পেগু, ডাঃ ৰণোজ পেগু, তেৰচ গোৱালা পৰিবহন বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰীকে ধৰি কেইবা গৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Related News