• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰৱীণ চিপিআই (এম) নেতা আব্দুল লতিবৰ মৃত্যুত মোৰাঝাৰত শোকৰ ছাঁ‌

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
December 11, 2018 7:48 pm
CPI-M
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰৱীণ চিপিআই(এম) নেতা আব্দুল লতিবৰ মৃত্যুত শোকৰ ছাঁ‌ বিৰাজ কৰিছে মোৰাঝাৰ অঞ্চলত। মোৰাঝাৰৰ সুতাৰপুৰৰ বাসিন্দা আব্দুল লতিবৰ যোৱা কালি বিয়লি প্রায় ২-০০ বজাত নিজ বাসভৱনত বাৰ্ধক্যজনিত ৰোগত মৃত্যু ঘটে। ৯০ বছৰৰ ঊৰ্ধৰ প্ৰৱীণ ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য তেখেতৰ গুণমুগ্ধসকল বাসভৱনত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জনায়।

যুৱ অৱস্থাৰ পৰাই মাৰ্ক্সবাদী নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কৃষক আন্দোলনত নামি পৰা আব্দুল লতিবে ৬০ৰ দশকত দক্ষিণ নগাঁৱৰ প্ৰতিটো কৃষক আন্দোলনত যোগদান কৰিছিল। ভূমিহীন নাগৰিকক মাটিৰ পট্টা প্ৰদান কৰাৰ আন্দোলনতো একনিষ্ঠ কৰ্মী হিচাপে যোগদান কৰাৰ উপৰিও কৃষক শ্ৰমিকৰ সমস্যা লৈ ভিন্ন সময়ত ৰাজ্যজুৰি সংঘটিত হোৱা আন্দোলনত জপিয়াই পৰিছিল প্ৰয়াত আব্দুল লতিবে।

Apply Now

পৰৱৰ্তী ৭০ৰ দশকত বামপন্থী ৰাজনৈতিক দল চিপিআই(এম)ত যোগদান কৰি বৃহত্তৰ মোৰাঝাৰ অঞ্চলত বামপন্থী আন্দোলনক এক নতুন মাত্ৰা দিছিল। আজীৱন চিপিআই(এম)দলতে থাকি সমাজৰ নিষ্পেষিত-নিপীড়িত মানুহৰ মুক্তিৰ সপোন দেখিছিল প্ৰয়াত লতিবে। সমগ্ৰ জীৱন দৰিদ্ৰতাৰ সৈতে যুঁ‌জি মৃত্যুবৰণ কৰা আব্দুল লতিবে কাহানিও আদৰ্শৰ সৈতে আপোচ কৰা নাছিল। প্ৰৱীণ নেতাগৰাকীৰ মৃত্যুৱে শোকাচ্ছন্ন কৰি তুলিছে চিপিআই(এম)ৰ হোজাই জিলা সমিতিকো।

প্ৰৱীণ নেতাগৰাকীৰ মৃতদেহত ৰক্তবৰ্ণী পতাকাৰে শেষ শ্ৰদ্ধা জনায় চিপিআই(এম)ৰ কৰ্মী সকলে। মৃত্যুৰ সময়ত পুত্ৰ, জীয়ৰীকে ধৰি আত্মীয়-স্বজন আৰু অলেখ গুণমুগ্ধক তেখেতে ইহ-সংসাৰত এৰি থৈ যায়।

নিশা প্ৰায় ১০-০০ বজাত প্ৰায় দুই সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত সুতাৰপুৰ জামে মছজিদত জানাজাৰ নামাজ সম্পন্ন হয়। তেখেতৰ মৃত্যুত চিআইটিইউৰ ৰাজ্যিক উপ সভাপতি কমঃ যজ্ঞেশ্বৰ দাস, হোজাই জিলা গণ জাগৰণ সমিতিৰ সভাপতি তথা বৰ্ষীয়ান চিপিআই নেতা কমঃ মনিৰ উদ্দিন চৌধূৰী, চিপিআই(এম)ৰ স্থানীয় সমিতিৰ সম্পাদক কমঃ ফৰিজ উদ্দিন, চিপিআইৰ প্ৰৱীণ নেতা কমঃ নুৰুল ইছলাম, কমঃ আব্দুৰ ৰৌফ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নুৰুল হক, নীলবাগান যুৱ সমাজৰ হৈ বাচিত আলম চৌধূৰী, এনাম হুছেইন, এআইয়ুডিএফৰ নেতা আব্দুল মন্নান, ডিৱাইএফআইৰ শ্বামিম আজাদ, নীলবাগান শাখা সাহিত্য সভা, নীলবাগান শাখা কবি সম্মিলনকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd