অসমৰ শক্তি খণ্ডত নতুন অধ্যায়ৰ সূচনা। ধুবুৰী জিলাৰ চাপৰত দেওবাৰে ৩২০০ মেগাৱাট ক্ষমতাসম্পন্ন বৃহৎ তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আদানি পাৱাৰ লিমিটেডে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোত প্ৰায় ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব।
এই বৃহৎ প্ৰকল্পটোৰ নিৰ্মাণ পৰ্যায়ত সৰ্বাধিক ২০ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি জানিব পৰা গৈছে। প্ৰকল্পটো সম্পূৰ্ণ হৈ উৎপাদন আৰম্ভ কৰাৰ পাছত প্ৰায় ৫ হাজাৰ লোকৰ বাবে কৰ্মসংস্থাপনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ৰাজ্যৰ বিদ্যুৎ উৎপাদন ক্ষমতাও যথেষ্ট বৃদ্ধি পাব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি কেন্দ্ৰ হিচাপে দ্ৰুতগতিত আগবাঢ়িছে। ৰাজ্যখনত কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম আগবাঢ়ি আছে। তেওঁ কয় যে Advantage Assam Investor Summit 2.0-ৰ জৰিয়তে সৃষ্টি হোৱা বিনিয়োগৰ পৰিৱেশৰ ফলতে চাপৰৰ এই বৃহৎ প্ৰকল্প বাস্তৱ ৰূপ লাভ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ এই বিনিয়োগ অসমত এতিয়ালৈ কৰা একক বৃহৎ বিনিয়োগসমূহৰ ভিতৰত অন্যতম। প্ৰকল্পটোৱে কেৱল কৰ্মসংস্থাপনেই নহয়, ৰাজ্যত নতুন অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে SGSTৰ জৰিয়তে চৰকাৰৰ ৰাজহ বৃদ্ধিতো সহায় কৰিব। স্থানীয় উদ্যোগ, ঠিকাদাৰ, যোগানকাৰী আৰু ব্যৱসায়ীসকলেও এই নতুন অৰ্থনৈতিক পৰিৱেশৰ পৰা লাভৱান হোৱাৰ সুযোগ লাভ কৰিব।
আদানি গোটৰ এক বিবৃতি অনুসৰি, চাপৰৰ এই বিদ্যুৎ প্ৰকল্পটো অসমত গোটটোৰ মুঠ ৬৩ হাজাৰ কোটি টকাৰ শক্তি বিনিয়োগৰ অংশ। ২০৩০ চনৰ ডিচেম্বৰ মাহৰ পৰা পৰ্যায়ক্রমে প্ৰকল্পটোৰ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰকল্পটোত ৮০০ মেগাৱাটকৈ মুঠ চাৰিটা ইউনিট থাকিব। অত্যাধুনিক আল্ট্ৰা-ছুপাৰক্ৰিটিকেল প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ হ’বলগীয়া এই কেন্দ্ৰটোত উচ্চ দক্ষতাৰ ব্যৱস্থা আৰু আধুনিক পৰিৱেশ সুৰক্ষা ব্যৱস্থা সংযোজন কৰা হ’ব।
অসমত আদানি গোটৰ মুঠ ৬৩ হাজাৰ কোটি টকাৰ শক্তি বিনিয়োগৰ ভিতৰত প্ৰায় ৪৮ হাজাৰ কোটি টকা চাপৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ বাবে আৰু আন প্ৰায় ১৫ হাজাৰ কোটি টকা ২,৭০০ মেগাৱাট মুঠ ক্ষমতাসম্পন্ন দুটা Pumped Storage Plant বা PSP নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ’ব। এই দুটা প্ৰকল্প আদানি গ্ৰীণ এনাৰ্জি লিমিটেডে ৰূপায়ণ কৰিব।
ইয়াৰ উপৰিও বিমানবন্দৰ আৰু চিমেণ্ট খণ্ডতো অসমত বিনিয়োগৰ পৰিকল্পনা কৰিছে আদানি গোটে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল-২তো গোটটোৱে বিনিয়োগ কৰিছে। এই টাৰ্মিনেলটো চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কাৰ্যক্ষম হৈ উঠিছে।
আদানিৰ সঞ্চালক জীত আদানিয়ে কয় যে চাপৰ প্ৰকল্পৰ আৰম্ভণিয়ে অসমৰ বাবে এক গুৰুত্বপূৰ্ণ নতুন অধ্যায়ৰ সূচনা কৰিছে। প্ৰকল্পটোৰ জৰিয়তে কৰ্মসংস্থাপনৰ লগতে স্থানীয় ঠিকাদাৰ, যোগানকাৰী আৰু ব্যৱসায়ীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি হ’ব বুলি তেওঁ উল্লেখ কৰে।
ইফালে, বিভিন্ন খণ্ড মিলাই অসমত আদানি গোটৰ লগতে আন বিনিয়োগকাৰীৰ মুঠ বিনিয়োগ ৮০ হাজাৰ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে। অহা তিনি-চাৰি বছৰত এই প্ৰকল্পসমূহে ৰাজ্যখনত নতুন কৰ্মসংস্থান, আন্তঃগাঁথনি আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।





