NORTHEAST NOW (Assamese)

ৰে’ল প্ৰকল্পৰ খৰতকীয়া ৰূপায়নত ৰে’ল মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে মুখ্য মন্ত্রী সোণোৱালে

July 5, 2019 11:44 am · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেলক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ ৰঙিয়া হৈ বঙাইগাঁও-কামাখ্যা ৰে’ল পথৰ দ্বৈতকৰণ প্ৰকল্প, শৰাইঘাট দলঙৰ ৰে’লপথ দ্বৈতকৰণ আৰু তেজপুৰ-শিলঘাটৰ মাজৰ নতুন ৰে’ল পথ প্ৰকল্পৰ ক্ষীপ্ৰ অনুমোদনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰে।

মুখ্য মন্ত্ৰী সোণোৱালে সাক্ষাতৰ সময়ত এই তিনিটা প্ৰকল্পৰ উপৰি দৰং জিলাক সামৰি ৰঙিয়াৰ পৰা ডেকাৰগাঁৱলৈ নতুন ৰে’ল পথৰ চলি থকা জৰীপ কাৰ্য অতি শীঘ্ৰে সমাপন কৰি যথাসম্ভৱ শীঘ্ৰে এই প্ৰকল্পৰ অনুমোদনৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

আনহাতে সৰভোগৰ গৰখীয়া থানৰ পৰা বৰপেটা সত্ৰ, বহৰি সত্ৰ, সৰ্থেবাৰী নসত্ৰ আৰু হাজো পোৱামক্কা হৈ আমিনগাঁৱলৈ নতুন ৰে’ল পথৰ জৰীপ চলোৱাৰ বাবে অনুমোদন জনাবলৈও আহ্বান জনায়। তদুপৰি গোগামুখ-কমলাবাৰী-গড়মুৰ আৰু যোৰহাট সংযোগী নতুন ৰে’লপথ নিৰ্মাণৰ কাম যাতে সোনকালে কৰিব পাৰি তাৰ বাবে বৰ্তমান চলি থকা জৰীপ প্ৰক্ৰিয়া শীঘ্ৰে সমাপ্ত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিবলৈ মন্ত্ৰী গৰাকীক আহ্বান জনায়।

ইয়াৰ উপৰি অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্য সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা লাভৰ বাবে দিল্লী তথা অন্য মেট্ৰ’ চিটি সমূহলৈ যাত্ৰা কৰাৰ দিশত ভাড়া ৰেহাইৰ ব্যৱস্থা কৰিব লাগে বুলিও অনুৰোধ জনায় মুখ্য মন্ত্ৰী সোণোৱালে।

ৰে’ল বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি সমূহ স্থানীয় অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে সংৰক্ষণ কৰিব লাগে বুলিও মুখ্য মন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ আগত উল্লেখ কৰে।

ইফালে মুখ্য মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে মুখ্য মন্ত্ৰীক কয় যে তেওঁৰ মন্ত্ৰালয়ে ৰাজ্যখনৰ প্ৰকল্প সমূহ অনুমোদন জনোৱাৰ উপৰি অসমৰ ৰে’ল সেৱাৰ উত্তৰণৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিব।

Related News