• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাজেট লৈ সংবাদ মাধ্যমৰ আগত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন; সলনি হ’ল পৰম্পৰা

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , July 5, 2019 12:31 pm

2 min read

Union Budget 2019-20: Reactions

বাজেট দাখিলৰ প্ৰাক্ মুহূৰ্তত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ফাইল ফটো : আজটকৰ সৌজন্যত

1.6k
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰে পৰা সকলোৱে দেখি আহিছে যে যেতিয়াই দেশৰ বিত্ত মন্ত্ৰীয়ে বাজেট দাখিলৰ বাবে আহে, লগত লৈ আহে এটা ব্ৰীফকেছ। সেই ব্ৰীফকেছটোত বিত্ত মন্ত্ৰীয়ে বাজেটৰ সমস্ত লেখ-জোখ ভৰাই লৈ আনে। কিন্তু এইবাৰ সলনি হ’ল সেই পৰম্পৰা। বাজেটৰ পূৰ্বে ব্ৰীফকেছ হাতত লৈ ফটো উঠা পৰম্পৰাৰ অৱসান ঘটিল।

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰথমবাৰৰ বাবে ছুটকেছ লোৱা পৰম্পৰা ভংগ কৰিলে। বিত্ত মন্ত্ৰীয়ে মন্ত্ৰালয়ত প্ৰৱেশ কৰিয়েই সকলোকে হতভম্ব কৰি তোলে।

প্ৰতিবাৰেই বিত্ত মন্ত্ৰীগৰাকীয়ে হাতত এটা ৰঙা ব্ৰীফকেছ লৈ আহে। সীতাৰমনে হাতত এখন ৰঙা মখমল কাপোৰেৰে বাজেটৰ কপিটো বান্ধি লৈ আহে। ৰঙা কাপোৰৰ ওপৰত আছিল ভাৰত ৰাষ্ট্ৰৰ চিহ্ন খোদিত আৰু ইয়াক ৰঙা-হালধীয়া ফিটা এডালেৰে বন্ধা আছিল।

home_070519101715
নিয়ম ভঙাৰ নিয়ম গঢ়িলে বিত্ত মন্ত্ৰীয়ে। ফটো : আজটকৰ সৌজন্যত

ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী যশোৱন্ত সিনহাই ফিটা লগোৱা চামৰাৰ বেগত আৰু প্ৰণৱ মুখাৰ্জীয়ে ৰঙা ভেলভেটৰ ছুটকেছত বাজেটৰ নথি পত্ৰ লৈ আহিছিল। ভাৰতত বাজেট আৰু বিত্ত মন্ত্ৰীৰ সৈতে ৰঙা ছুটকেছৰ সম্পৰ্কটো অংগাগীভাৱে জড়িত হৈ থকা বিষয়।

এই পৰম্পৰা আৰম্ভ হৈছিল ১৮৬০ চনত। তেতিয়াৰ পৰাই বিত্ত মন্ত্ৰীয়ে ৰঙা ৰঙৰ ছুটকেছ  প্ৰদৰ্শন কৰি আহিছে। ব্ৰিটেইনৰ ৰঙা গ্লেডষ্ট’ন বাজেট বক্স ২০১০ চনলৈকে প্ৰচলিত হৈ আছিল। ইয়াৰ পাছত ব্ৰিটেইনত ৰঙা ৰঙৰ চামৰাৰ বাকচ ব্যৱহাৰ হৈ আহিছে।

১৯৯৮-৯৯ চনৰ বাজেটৰ সময়ত তদানীত্বন বিত্ত মন্ত্ৰী যশোৱন্ত সিনহাই চামৰাৰ বেগত ফিটা বান্ধি বাজেট লগত লৈ আহিছিল।

পূৰ্বৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙে ১৯৯১ চনত নিজৰ প্ৰসিদ্ধ বাজেট প্ৰদানৰ সময়ত আন এক ৰঙৰ বেগৰ প্ৰচলন কৰিছিল।

য়ুপিএৰ শাসনকালত বিত্ত মন্ত্ৰী থকা কালত প্ৰণৱ মুখাৰ্জীয়ে এটা ৰঙা ৰঙৰ বাকচৰ সৈতে সংসদত উপস্থিত হৈছিল। সেইটো ব্ৰিটেইনত ব্যৱহাৰ হোৱা বেগটোৰ দৰে দেখা গৈছিল।

Recent News

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

bhaba

সিদ্ধান্ত চূড়ান্ত: শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হ’ব অখিল গগৈ, মনোনয়ন পত্ৰ সংগ্ৰহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd