NORTHEAST NOW (Assamese)

অসমত একেদিনাই সম্পন্ন বাৰ হাজাৰৰো অধিক ক’ভিড টেষ্ট

June 19, 2020 5:18 pm · এন ই নাও নিউজ

অসমত শুকুৰবাৰৰ দিনটোত একেদিনাই ক’ভিড-১৯ৰ বাৰ হাজাৰৰো অধিক টেষ্ট সম্পন্ন হৈছে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কয়।

বৃহৎসংখ্যক টেষ্ট সম্পন্ন কৰা স্বাস্থ্য টীমক চেলুট জনাই স্বাস্থ্য মন্ত্ৰীজনে সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে।

অসমত বৃহস্পতিবাৰলৈকে সম্পন্ন মুঠ ক’ভিড-১৯ টেষ্টৰ সংখ্যা ২৪৬,৫৯০ হোৱাৰ বিপৰীতে শুকুৰবাৰৰ দিনটোত ই ২৫৮,৭৯৭লৈ বৃদ্ধি পায়।

লেবসমূহৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সৰ্বাধিক ৪২,৪০৬টা টেষ্ট সম্পন্ন কৰা হৈছে।

অসমত এতিয়ালৈকে ক’ভিড-১৯ মুক্ত ব্যক্তিয়ে সক্ৰিয় ৰোগীৰ সংখ্যাক অতিক্ৰম কৰিছে।

বৰ্তমানলৈকে ২৮৪৮গৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২০৪৪গৰাকী।

অসমত এতিয়ালৈকে মুঠ ৪৯০৪গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে।

ইয়াৰে নগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News