গৃহমন্ত্ৰী অমিত শ্বাহক এন আৰ চি পুনৰীক্ষণ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আহ্বান ৰিপুন বৰাৰ

NRC-1-1

ৰিপুন বৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই সোমবাৰে এন আৰ চি কৰ্তৃপক্ষৰ ড্ৰাফট এন আৰ চি পুনৰীক্ষণৰ সিদ্ধান্তক অবৈধ হিচাপে আখ্যা দিয়ে।

বৰাই সোমবাৰে এখন পত্ৰযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক এন আৰ চি পুনৰীক্ষণ পদ্ধতিত হস্তক্ষেপত কৰি বন্ধ কৰাৰ বাবে আহ্বান জনায়।

এন আৰ চি কৰ্তৃপক্ষই ৫ আগষ্টত ড্ৰাফট এন আৰ চিৰ পুনৰীক্ষণ হ’ব বুলি ভয়াবহভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকলৈ জাননী প্ৰেৰণ কৰিছে বুলি বৰাই পত্ৰখনত উল্লেখ কৰে।

কংগ্ৰেছ সাংসদ গৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এন আৰ চিৰ ২০ শতাংশৰ পুনৰীক্ষণৰ আবেদন খাৰিজ কৰিছে বুলি পত্ৰখনত উল্লেখ কৰে।

ন্যায়ালয়ে পূৰ্বতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ পুনৰীক্ষণৰ আবেদন নাকচ কৰিছিল কিন্তু আজি হঠাৎ জিলা মুখ্য কাৰ্য্যালয়ত শুনানিৰ বাবে হাজিৰ হ’বলগীয়া জাননী লাভ কৰি হাজাৰ হাজাৰ জনতা আতংকিত হৈ পৰে বুলিও বৰাই উল্লেখ কৰে।

‘‘এন আৰ চি কৰ্তৃপক্ষৰ পুনৰীক্ষণৰ আবেদনত মই আপোনাৰ হস্তক্ষেপ বিচাৰিছো, দয়া কৰি এন আৰ চি পুনৰীক্ষণৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ পৰা ন্যায় দিয়ক’’। বৰাই শ্বাহলৈ লিখা পত্ৰখনত এনেদৰে উল্লেখ কৰে।