NORTHEAST NOW (Assamese)

সিদ্ধান্ত প্ৰত্যাহাৰঃ কংগ্ৰেছতে থাকিব আব্দুল খালেক

March 20, 2024 6:42 pm · এন ই নাও নিউজ, গুৱাহাটী

কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে সাংসদ আব্দুল খালেকে। আজি সাংসদগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে তেওঁৰ সিদ্ধান্ত।

দলৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীৰ সৈতে হোৱা বৈঠকৰ পিছতে কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে বৰপেটাৰ সাংসদগৰাকীয়ে।

উল্লেখ্য যে যোৱা ১৫ মাৰ্চত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ এক পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।

পত্ৰখনত মূলতঃ দলৰ ৰাজ্যিক নেতৃত্বক দোষাৰোপ কৰি খালেকে পদত্যাগ কৰা বুলি উল্লেখ কৰিছিল।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব লাভ নকৰাৰ বাবেই আব্দুল খালেকে এইদৰে দল ত্যাগৰ সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছিল।

এনে চৰ্চাৰ মাজতে আজি নতুন দিল্লীত প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে আলোচনাত মিলিত হয় খালেক।

এই আলোচনাৰ পিছতে কংগ্ৰেছেৰ পৰা পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

লক্ষণীয়ভাৱে আব্দুল খালেকে মংগলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালকো দিল্লীত সাক্ষাৎ কৰিছিল।

Related News