• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য মুখ্যমন্ত্ৰী! পি পি ই কীট পিন্ধি ধৰ্ণা প্ৰদেশ কংগ্ৰেছৰ; চিবিআই-ইডিৰ দ্বাৰা তদন্তৰ দাবী

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 2, 2022 6:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পি পি ই কীটকে ধৰি ক’ভিড-প্ৰতিৰোধী বিভিন্ন সামগ্রী যোগানৰ ঠিকা সকলো নীতি-নিয়ম জলাঞ্জলি দি তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভুঞা শৰ্মাৰ এটা আৰু মুখ্যমন্ত্ৰীৰ ‘ব্যৱসায়ী বন্ধু’ অশোক ধানুকাৰ পুত্ৰ ঘনশ্যাম দাস ধানুকাৰ দুটা প্ৰতিষ্ঠানক আবণ্টন দিয়া কাৰ্যৰ তদন্ত চিবিআই আৰু এনফর্চমেন্ট ডাইৰেক্টৰেট (ই ডি)ৰ দ্বাৰা কৰাবলৈ দাবী তুলি বৃহস্পতিবাৰে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে এক ধর্ণা কাৰ্যসূচী ৰূপায়িত কৰে।

তাৎপর্যপূর্ণভাৱে ৰাজীৱ ভৱনত অনুষ্ঠিত এই ধর্ণা কাৰ্যসূচীত কংগ্ৰেছৰ নেতাই ‘পি পি ই কীট’ পৰিধান কৰি অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰ’: দাবী প্ৰতিবেদনৰ

এই সন্দৰ্ভত মনজিত মহন্তই কয়, “প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰা বুলি কথাই কথাই দেশৰ ৰাইজক আভুঁৱাভৰা শ্ল’গানেৰে মোহাচ্ছন্ন কৰিবলৈ অহৰহ চেষ্টা কৰি থকা সময়তে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা জড়িতহৈ থকা ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠানক চৰা দামত ক’ভিড-প্ৰতিৰোধী বিভিন্ন সামগ্ৰী যোগানৰ ঠিকা দি কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা ঘটনাৰ তদন্ত এতিয়া চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)ৰ দ্বাৰা কৰোৱাৰ সাহস প্রধানমন্ত্ৰীগৰাকীৰ হ’বনে নহয় সেইটো অসমৰ ৰাইজে প্রত্যক্ষ কৰিব। অন্যথা এই কথা স্পষ্ট হৈ পৰিব যে মুখ্যমন্ত্ৰীৰ সেই লুণ্ঠনৰ ভাগ পাইছিল স্বয়ং প্রধানমন্ত্ৰীয়েও।”

কঠিন আৰু দুৰ্যোগপূর্ণ মুহূৰ্তত অসমৰ জনসাধাৰণৰ অসহায় অৱস্থাৰ সুযোগলৈ মুখ্যমন্ত্ৰীজনে দুহাতেৰে ৰাজহুৱা ধন আত্মসাৎ কৰিবলৈ নিজৰ পত্নী আৰু পুত্ৰক আগবঢ়াই দি কেনে জঘন্য অপৰাধ কৰিলে সেয়া অসমৰ ৰাইজে এতিয়া বুজিবলৈ আৰম্ভ কৰিছে।

প্ৰথমতে মুখ্যমন্ত্ৰীজনৰ ভূমি কেলেংকাৰী আৰু এতিয়া ক’ভিড-প্ৰতিৰোধী সা-সামগ্ৰী যোগানৰ কেলেংকাৰীৰে হিমন্ত বিশ্ব শৰ্মাই অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে কৰিব নোৱৰা কাম কৰি সকলো ‘ৰেকৰ্ড’ ভংগ কৰিলে বুলি অসম প্ৰদেশ কংগ্ৰেছে তীব্র কটাক্ষ কৰে।

লগতে পঢ়ক: Sonia Gandhi Covid Positive: কোভিদত আক্ৰান্ত ছোনিয়া গান্ধী; সামন্য জ্বৰৰ লগতে আছে আন লক্ষণো

‘পি পি ই  কীট’কে ধৰি ক’ভিড-প্ৰতিৰোধী সামগ্রী যোগানৰ নামত স্বয়ং মুখ্যমন্ত্ৰীয়ে সংঘটিত কৰা এই বৃহৎ কেলেংকাৰীৰ তদন্ত হ’বই লাগিব আৰু যেতিয়ালৈকে ইয়াৰ এটা উচ্চ-পৰ্যায়ৰ নিৰপেক্ষ তদন্ত নহ’ব তেতিয়ালৈকে কংগ্ৰেছে এই বিষয়টোকলৈ সকলো পর্যায়তে সংগ্রামী কার্যসূচী গ্ৰহণ কৰি যাব বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই উল্লেখ কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd