NORTHEAST NOW (Assamese)

সুভাষ দাসৰ নেতৃত্বত কেইবাগৰাকী অৰ্থনীতিবিদক লৈ টাস্ক ফ’ৰ্চ গঠন

May 3, 2020 6:35 pm · কল্পজ্যোতি শইকীয়া
মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে জনায় যে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট অৰ্থনীতিবিদক লৈ এক টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

ব্ৰহ্মপুত্ৰ অতিথিশালাত আয়োজিত এক সংবাদমেলত তেওঁ কয় যে সুভাষ দাসৰ নেতৃত্বত এই টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

তাৰোপৰি আজি দুপৰীয়া ভাগত ১০খন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ সৈতে মুখ্য মন্ত্ৰী আলোচনাত মিলিত হৈছিল।

তেওঁ কয় যে তেওঁলোকে গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰিছে আৰু সেই পৰামৰ্শ অনুসৰি ৰাজ্যৰ ছাত্ৰছাত্ৰীসকলৰ শিক্ষাবৰ্ষ ক্ষতি নহয় তাৰ প্ৰতি পদক্ষেপ গ্ৰহণ কৰা ব।

কৰ’নাভাইৰাছক লৈ মুখ্য মন্ত্ৰীয়ে কয় যে পৃথিৱীৰ কোনো চৰকাৰ এই পৰীক্ষাত অকলে উত্তীৰ্ণ নোৱাৰে।

তেওঁ কয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত অসমৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ কৰনাৰ বিৰুদ্ধে যুঁজ দিয়া হৈছে।

এইক্ষেত্ৰত অসমৰ ৰাইজে আগবঢ়োৱা সহযোগিতাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে সোণোৱালে।

লকডাউনৰ সন্দৰ্ভত তেওঁ কয় যে কিছুমান বিভাগত শিথিলতা প্ৰদান কৰিছে যদিও এটা কথা মানিব লাগিব যে কৰ’নাৰ বিৰুদ্ধে যুঁজখন সমাপ্ত হোৱা নাই।

তেওঁ কয় তৃতীয় পৰ্যায়ৰ লকডাউনত মাস্ক পৰিধান কৰি পৰিষ্কাৰপৰিচ্ছন্ন হৈ সামাজিক ব্যৱধান মানিলে কৰ’না প্ৰতিহত কৰিব পাৰিম।

“এই যুঁজত আমি জয়ী লাগিব। সকলো নিৰোগী আৰু সুস্থ হৈ থাকক,” মুখ্য মন্ত্ৰীয়ে কয়।

তেওঁ লগতে কয় যে সন্মুখৰ পৰা যি সকলে দায়িত্ব পালন কৰিছে সকলোৱে তেওঁলোকক সকলো সহায়সহযোগিতা আগবঢ়াব লাগে।

চৰকাৰৰ জৰুৰীকালীন সেৱাৰ লগতে সাংবাদিকেও গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।

“কোনো পৰিস্থিতিতে এই যুঁজাৰুসকলৰ যাতে মনোবল ভাঙি নাযায় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব,” তেওঁ কয়।

আনহাতে লকডাউনৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময়মতে লোৱা সিদ্ধান্তৰ বাবে ভাৰতৰ জনসাধাৰণ ৰক্ষা পৰিছে বুলি মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

Related News