ক’ভিদ-১৯ সৃষ্টি দুৰ্যোগে অসমৰ অৰ্থনীতিলৈ নমাই অনা স্থবিৰতাৰ অৱসান ঘটাই ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰেক্ষাপটৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নিৰ্ধাৰণৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এখন পৰামৰ্শদাতা সমিতি গঠন কৰে।
ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন কৰা আঠজনীয়া এই সমিতিখনে অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কেনেধৰণৰ ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব।
উল্লেখ্য যে যোৱা ২৮ এপ্ৰিলত মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যৰ সাম্প্ৰতিক বিত্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৯ গৰাকী অৰ্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে এক বৈঠকত মিলিত হৈছিল।
আলোচনাকালত অৰ্থনীতিবিদ সকলে ৰাজ্যখনৰ অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল কতৰি তোলাৰ লগতে ক’ভিদ-১৯ সৃষ্টি আৰ্থিক সংকটৰ জোৰা মাৰিবৰ বাবে বিভিন্ন হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ প্ৰদানন কৰিছিল।
ইয়াৰ উপৰি অৰ্থনীতিবিদ সকলে ৰাজ্যৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কেতবোৰ বিশেষজ্ঞ সমিতি আৰু টাস্ক ফ’ৰ্চ গঠনৰো পৰামৰ্শ আগবঢ়াইছিল।
বিশেষজ্ঞসকলৰ এই পৰামৰ্শৰ প্ৰতি সহাঁৰি স্বৰূপেই মুখ্য মন্ত্ৰী সোণোৱালে আজি এই পৰামৰ্শ সমিতিখন গঠন কৰে।
সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন হোৱা সমিতিখনৰ আন আন সদস্যসকল হ’ল ড০ কে এম বুজৰবৰুৱা, ড০ মাধুৰ্য বেজবৰুৱা, অমিয় কুমাৰ দাস, ড০ জয়দীপ বৰুৱা, ড০ অমিয় শৰ্মা, গৌতম গোস্বামী, কৃষ্ণকান্ত বৰা আৰু বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন।