NORTHEAST NOW (Assamese)

ধন আত্মসাতৰ অভিযোগত জোনাইত সমবায় সমিতিৰ ফিল্ড এছিষ্টেণ্টক গ্ৰেপ্তাৰ

July 22, 2020 10:35 pm · প্ৰফুল্ল কামান

ধেমাজি আৰক্ষীয়ে ক্ৰেডিট মানি কেলেংকাৰিত জৰিত থকাৰ অভিযোগত অসম বহুমুখী সমবায় সমিতিৰ পলাতক ফিল্ড এছিষ্টেণ্ট দীপাঞ্জলি দলেক গ্ৰেপ্তাৰ কৰিছে।

অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ ফিল্ড এছিষ্টেণ্টগৰাকীক মঙলবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ পাংগিনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

যোৱা দুমাহ ধৰি তেওঁ পলাই আছিল।

এ এছ আই কৃষ্ণ কান্ত শৰ্মাৰ নেতৃত্বত যোৱা ধেমাজি আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহায়ত পাংগিন চহৰৰ সমীপৰ দলেৰ এঘৰ সম্পৰ্কীয় লোকৰ ঘৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা দলেক জোনাইৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত বুধবাৰে হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

আৰক্ষীয়ে ইয়াৰ পূৰ্বে আন দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোক বৰ্তমান ন্যায়িক জিম্মাত আছে।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইগৰাকী হৈছে—কেশ্বিয়াৰ বন্তি মিলি আৰু কালেক্সন এজেণ্ট মৌচুমী দলে।

আৰক্ষীয়ে কয় যে দীপাঞ্জলি দলেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন বিচাৰিছিল আৰু এই সপ্তাহত তাৰ শুনানি আছিল।

প্ৰায় ১.৩০ কোটি টকাৰ ক্ৰেডিট মানি তিনিও অভিযুক্তই আত্মসাৎ কৰা বুলি সমবায় সমিতিখনৰ ব্ৰাঞ্চ মেনেজাৰে আৰক্ষীক গোচৰ দিছিল।

Related News