NORTHEAST NOW (Assamese)

অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৬ শতাংশ অতিক্ৰম; মৃতকৰ সংখ্যা ৯৫৪ গৰাকীলৈ বৃদ্ধি

November 11, 2020 9:29 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পুনৰ আজি দুগৰাকী লোকৰ মৃত্যু হয়।

আজি মৃত্যু হোৱা লোক দুগৰাকীৰ সৈতে ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫৪ গৰাকীলৈ বৃদ্ধি পালে।

আজি মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে ডিব্ৰুগড় জিলাৰ জোস্না গগৈ(৮০) আৰু কামৰূপ মহানগৰ জিলাৰ পৰেশ চন্দ্ৰ দাস(৭৩)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰি মৃত্যু হোৱা লোক দুগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, আজি অসমত নতুনকৈ ২৪৫ গৰাকী লোক কোভিড প’জিটিভ হয়। ৰাজ্যত আজিৰ দিনটোত কৰা ২৭৩২৩ টা নমুনাৰ পৰীক্ষাত এইসকল লোক প’জিটিভ হয়।

ৰাজ্যত আজি ৮৩৭ গৰাকী লোকে চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰে।

ইয়াৰ ফলত ৰাজ্যত আৰোগ্যৰ হাৰ ৯৬.৯৮ শতাংশলৈ বৃদ্ধি পায়।

অসমত বৰ্তমানলৈ মুঠ ২০৯৬৩৩ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ২০৩৩০৫ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

বৰ্তমান অসমত ৫৩৭১ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

Related News