• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত ইউপিপিএলৰ প্ৰমোদ বড়োৰ বিশাল নিৰ্বাচনী জনসভা : বিশ সহশ্ৰাধিক লোক উপস্থিত

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 12, 2020 6:58 am
IMG_20201111_124541
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰৰ তামুলপুৰ মহকুমাৰ পাঁচটা বিটিচি পৰিষদীয় সমষ্টিৰ পৰা বিপিএফৰ বিদায়। ইউপিপিএলৰ পৰিবৰ্তন জনসভাত সমবেত  জনসমুদ্ৰই তাকেই প্ৰমাণ যেন কৰিলে। এই মন্তব্য ইউপিপিএলৰ সভাপতি তথা ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ।

বুধবাৰে তামুলপুৰত ইউপিপিএল  দলৰ পৰিৱৰ্তন জনসভাত অংশ গ্ৰহণ কৰি প্ৰমোদ বড়োৱে এইদৰে কয় ।

Apply Now

ভাষণত বড়োৱে আকৌ কয় বিটিআৰত ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে। বিগত সোতৰ বছৰে দৰিদ্ৰ পুৰুষ, মহিলা, বৃদ্ধ পেঞ্চনাৰ, জব কাৰ্ড হিতাধিকাৰীসকলক ঠগ, প্ৰৱঞ্চনা কৰি অহাৰ পৰিণতিতেই ইউপিপিএল দলে বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়ন সাধন কৰিবলৈ বিটিআৰত চৰকাৰ গঠন কৰাৰ প্ৰয়োজন আহি পৰিছে বুলিও মন্তব্য কৰে সভাপতি প্ৰমোদ বড়োৱে।

বিপিএফ দলৰ চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে মাত মাতিব লাগিব। আমি আজি প্ৰতিজ্ঞাবদ্ধ। যিসকলে আইডি নম্বৰ দিম বুলি পইচা খাইছে , দুখীয়াক ঠগাইছে , সেইসকলৰ বিৰুদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় বিটিআৰ চুক্তি উন্নয়নৰ চুক্তি, শান্তিৰ চুক্তি। বিটিআৰত ইউপিপিএল দলে উন্নয়ন সাধনৰ বাবে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে। বিটিআৰত বীৰ চিলাৰায়ৰ আঁচনি আছে, ভুপেন  হাজৰিকাৰ আঁচনি আছে।

শিক্ষিত যুৱক যুৱতীক ইন্টাৰভিউৰ পিচতে কোনো ঘোচ নিদিয়াকৈ নিযুক্তি প্ৰদান কৰা হ’ব ঘোষণা কৰে প্ৰমোদ বড়োৱে। সকলো দুখীয়া মানুহৰ বাবে দুবেলা দুমুঠি খোৱাৰ ব্যৱস্থা কৰা হ’ব ।

মহিলাসকলক বাদ দি এখন সমাজ আগবাঢ়ি যাব নোৱাৰে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে কয়, “বিটিআৰত থকা প্ৰত্যেক মহিলা আত্মসহায়ক গোটে ৭৫ হাজাৰ টকাকৈ লাভ কৰিব। বিপিএফ দলক তীব্ৰ সমালোচনা কৰি তেওঁ কয় ভেঞ্চাৰ শিক্ষক সকলক, টেট শিক্ষকসকলক বিপিএফ চৰকাৰে দৰমহা দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰিলে। হাগ্ৰামা মহিলাৰীয়ে ৰাস্তাৰে যাবলৈ লাজ কৰে। মহিলাৰীয়ে ৰাস্তাৰ দুৰৱস্থা দেখি হেলিকপ্তাৰেৰে যায় বুলি প্ৰমোদ বড়োৱে কটাক্ষ কৰে।

পৰিবৰ্তনৰ যাত্ৰাত  ৰাইজক  সহযোগ কৰাৰ আহ্বান জনাই তেওঁ কয়, “সমগ্ৰ বিটিআৰত পৰিৱৰ্তনৰ বতাহ বলিছে। বিটিআৰত ৬০০ কোটিৰ  বৃহৎ কেলেংকাৰী ঘটাইছে বিপিএফ দলৰ চৰকাৰে আৰু  ইয়াৰ তদন্ত কৰা হ’ব। বিটিআৰ অঞ্চলৰ ৰাইজৰ নিৰাপত্তা ,শান্তি স্থাপনৰ বাবে ইউপিপিএল দল আগবাঢ়ি আহিছে।”

ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিৰন্য চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহন কৰি  ইউপিপিএল দলৰ অন্যতম সম্পাদক উইলচন হাচদাই কয়, “প্ৰমোদ বড়ো ৰাইজৰ নেতা, জননেতা। ২০০৩ চনত বিটিচি গঠন হোৱাৰ পিচতো হিংসাত্মক ঘটনা অব্যাহত  আছে , বিভিন্ন জাতি -জনগোষ্ঠীৰ  লোকসকলৰ মাজত বিশ্বাস জন্মি নুঠিল।”

বিটিচিত কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা পুঁজিৰ কোনো হিচাপ নাই । দৰিদ্ৰ শ্ৰেনীৰ লোকৰ বাবে অহা আচনিৰ পৰা বঞ্চিত হৈ আহিছে দৰিদ্ৰ লোকসকল। হাগ্ৰামা বাহিনীয়ে এন্ধাৰত ৰাখি সুশাসনৰ বিপৰীতে কুশাসন চলাই আহিছে বুলিও অভিযোগ কৰে চৌধুৰীয়ে।

 সভাত প্ৰাক্তন সাংসদ তথা  ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি ইউ জি ব্ৰহ্মই কয়, “সভাৰ উপস্থিতি চাই কব পাৰি প্ৰমোদ বড়ো আজিয়েই নিৰ্বাচনত জিকিল। প্ৰমোদ বড়োৰ নেতৃত্বতে বিটিচিত চৰকাৰ গঠন হ’ব। আজিৰ গণ সমাবেশে প্ৰমান কৰি দেখুৱালে বিপিএফৰ প্ৰস্থান নিশ্চিত।”

বিটিআৰত কোনো জাতি জনগোষ্ঠী বিপদৰ সন্মূখীন নহয় বুলি দাবী কৰি ব্ৰহ্মই কয় যে  ভয়, শংকা আঁতৰ কৰি আদিবাসী, সংখ্যালঘু, বাঙালী আদি সকলো জাতি জনগোষ্ঠীৰ ভাষা, কলা সংস্কৃতি সুৰক্ষিত হ’ব।

সভাত দলৰ উপ-সভাপতি  মইনুল হকে  অংশ গ্ৰহন কৰি কয়, “আমাক লাগে পৰিবৰ্তন, প্ৰমোদ বড়োৰ দ্বাৰাই পৰিবৰ্তন বিচাৰো । সোতৰ  বছৰে বিটিচিত চলি থকা হিংসাত্মক কাৰ্য কলাপ বন্ধ হ’ব লাগিব। টকা দিয়া ৰাজনীতি, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক চিন্তা  আদি পৰিহাৰ কৰি আগুৱাই যাব লাগিব।”

প্ৰমোদ বড়োক পানীৰ লগত তুলনা কৰি নেতাগৰাকীয়ে কয়, “প্ৰমোদ বড়ো পানীৰ দৰে পবিত্ৰ । পানীৰ যিদৰে আকাৰ নাই প্ৰমোদ বড়োৰো আকাৰ নাই।”

সভাত দলৰ সম্পাদক কমল চৌধুৰীয়ে কয়, “প্ৰমোদ বড়োক প্ৰধানমন্ত্ৰীয়ে দিল্লীলৈ লৈ যাব বিচাৰিছিল। কিন্তু প্ৰমোদ বড়োই বিটিআৰত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী, দৰিদ্ৰ ভিকহু লোকসকলক উন্নতিৰ পথত আগবঢ়াই নিয়াৰ বাবে বিটিআৰত চৰকাৰ গঠন কৰাৰ পোষকতা কৰিছে।”

সভাত দলৰ সভানেত্ৰী বীণা গয়াৰীয়ে কয়, “এইবাৰ বিটিআৰৰ চাবি নাৰীৰ হাতত। আজিৰ সভাত ৯০ শতাংশ মহিলা উপস্থিত আছে। মাতৃ বিলাকৰ দায়িত্ব বহন কৰিব পুত্ৰ প্ৰমোদ বড়োৱে। বিপিএফ চৰকাৰৰ দিনত বিধৱা , বাইদেউ আদি আচনিৰ পৰা  বঞ্চিত হৈ থকা মহিলাসকলক  ইউপিপিএল দলে সুবিধা প্ৰদান কৰিব।”

সভাত দলৰ কেন্দ্ৰীয়  উপ সভাপতি গোবিন্দ বসুমতাৰী, প্ৰফুল্ল চন্দ্ৰ মহন্ , ফনীন্দ্ৰ নাৰ্জাৰী, সুশীল দাস , পবিত্ৰ বড়ো , লোহিত উপ্ৰীতি , ৰাফেল দৈমাৰী, মইনুল আলী, সাংগঠনিক সম্পাক কেশৱ মল্লিক, প্ৰদীপ সৰকাৰ, নিৰঞ্জন কলিতা, ২৫ নং বাগানপাৰা সমষ্টিৰ প্ৰাৰ্থী কাতি ৰাম বড়ো, ২৬ নং দৰঙাজুলি সমষ্টিৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰী, ৩০ নং গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী পবিত্ৰ বড়ো, ২৯ নং শুক্লাই ছেৰফাং সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰীৰ লগতে ইউপিপিএল দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে।

সভাখনৰ আঁত ধৰে বিপুল কুমাৰ বসুমতাৰী আৰু মজিব আলীয়ে। সভাত শিল্পী বুদাং বল্লব ব্ৰহ্মই গীত পৰিবেশন কৰাৰ লগতে আদিবাসী, খেৰাই, কোচ-ৰাজবংশী লোক নৃত্য, বিহু নৃত্য আদি প্ৰদৰ্শন কৰা হয়।

বুধবাৰৰ সভাত বিভিন্ন সংগঠনৰ কেইবা গৰাকী নেতা কৰ্মীয়ে ইউপিপিএল দলত যোগদান কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd