NORTHEAST NOW (Assamese)

অসমত কোভিড সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৫ গৰাকীলৈ বৃদ্ধি; নতুনকৈ ১৬৯ গৰাকী প’জিটিভ

November 23, 2020 9:57 pm · এন ই নাও নিউজ

অসমত আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ ফলত ৰাজ্যত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৭৫ গৰাকীলৈ বৃদ্ধি পালে।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি গৰাকী হৈছে ডিব্ৰুগড় জিলাৰ যশোৱন্ত কৌৰ(৮৫)।

অসমত আজি সম্পন্ন হোৱা ২৫২২৫ টা ক’ৰ’নাৰ পৰীক্ষাৰ ভিতৰত ১৬৯ গৰাকী লোক প’জিটিভ হয়।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৫৬ গৰাকী লোক কোভিড প’জিটিভ হয়।

আজি নতুনকৈ ক’ৰ’না সংক্ৰমিত হোৱা ১৬৯ গৰাকী লোকৰ সৈতে অসমত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা ২১১৬৮২ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, অসমত এতিয়ালৈ চিকিৎসাৰ অন্তত ২০৭৫২৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

বৰ্তমান ৰাজ্যত ৩১৭৯ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.০২ শতাংশলৈ বৃদ্ধি পাইছে।

Related News