• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঙালী সকলক তুচ্ছ তাচ্ছিল্য কৰা বিজেপি দলক ভাৰতবৰ্ষৰ পৰা উৎখাত কৰক: ৰবীন্দ্ৰ বিশ্বাস

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 24, 2020 6:49 am
IMG_20201123_160833

ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষতেই বিজেপিক উৎখাত কৰিব লাগে আৰু বিজেপি উৎখাত অভিযান বাক্সা  জিলাৰ নাগ্ৰীজুলিৰ পৰাই আৰম্ভ হওঁক। এই ভাষ্য ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসৰ।

তেওঁ কয় যে ভাৰতৰ স্বাধীনত আন্দোলনত বাঙালী লোক সকলৰো বিশেষ অৱদান আছিল। বৃটিছক খেদি ভাৰত স্বাধীন কৰাৰ বাবে বাঙালী লোক সকলে আত্ম বলিদান দিছিল। কিন্তু সেই বাঙালী সকলক আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে উঁই পোক বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰি উপলুঙা কৰিছে।

Apply Now

সোমবাৰে আবেলি নাগ্ৰীজুলিৰ কোম্পানিবাৰী চ’কত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি ৰবীন্দ্ৰ বিশ্বাস বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি ক্ষেম বাহাদুৰ থাপাৰ পৌৰাহিত্যত অনুস্থিত নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ নাগ্ৰীজুলি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ধৰ্মনাৰায়ন দাসক তীব্ৰ সমালোচনা কৰি বক্তব্য আগবঢ়ায়।

তেওঁ কয় যে বিগত পাঁচটা বছৰত বিজেপি দলৰ পৰা এমচিএলএ হিচাপে নিৰ্বাচিত হৈও ৰাইজক প্ৰৱঞ্চনাৰ বাহিৰে একো দিব নোৱাৰিলে। তেনে এক প্ৰাৰ্থীক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিপিএফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীৰ সপক্ষে মানুহ ওলাই আহিছে।

বিজেপিক সাম্প্ৰদায়িক দল বুলি আখ্যা দি বিটিচিৰ ৰাইজে বিজেপিৰ দৰে সাম্প্ৰদায়িক দলক এইবাৰ প্ৰশ্ৰয় নিদিয়ে আৰু বিজেপি দলে বিটিচি দখল কৰিব নোৱাৰে বুলি মন্তব্য কৰে।

মন্ত্ৰী হিমন্ত বিশ্বকে আদি কৰি বহু মন্ত্ৰী বিধায়কে আহি বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও বিটিচিৰ ৰাইজে বিজেপি দলক প্ৰত্যাখ্যান কৰিছে আৰু বিটিচি নিৰ্বাচনত  বিপিএফ দল আৰু দলৰ সমৰ্থিত প্ৰাৰ্থীক নিৰ্বাচিত  কৰিব বুলি বক্তব্য ৰাখি এইবাৰো ৰাইজে বিপিএফ দলকেই ভোট দি চতুৰ্থবাৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলকেই বিটিচিত চৰকাৰ গঠন কৰিবলৈ সহায় কৰিব বুলিও ৰবীন্দ্ৰ বিশ্বাসে সভাত উদাত্ত কণ্ঠে ভাষণ ৰাখে।

বিপিএফ ত্যাগ কৰি বিজেপি দললৈ অহা ৰাজসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী আৰু তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীকো তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰবীন্দ্ৰ বিশ্বাসে দুই গৰাকী নেতাক দুৰ্নীতিগ্ৰস্ত নেতা হিচাপে অভিহিত কৰে।

সোমবৰৰ সভাত বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰেও সভাত অংশ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ দিনত বিটিচি অঞ্চলত উন্নয়ন হোৱা বুলি কৈ উন্নয়নৰ খতিয়ান দাঙি ধৰে।

বিপিএফ দলেই পুনৰ চতুৰ্থবাৰৰ বাবে  বিটিচিত  চৰকাৰ গঠন কৰিব বুলি দাবী জনাই ৰাইজৰ উন্নয়নৰ স্বাৰ্থত পুনৰবাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ প্ৰাৰ্থী আৰু নাগ্ৰীজুলি সমষ্টিত বিপিএফ সমৰ্থিত প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসক ভোট দিবলৈও জগদীশ সৰকাৰে ৰাইজক আহ্বান জনায়।

সভাত উপস্থিত থাকি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানেও ৰবীন্দ্ৰ বিশ্বাসৰ সমৰ্থনত ভাষণ ৰাখি বিপিএফ দলৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

এই সভাত অঞ্চলটোৰ সমাজকৰ্মী চক্ৰ বাহাদুৰ চৌহান, ফুলকুমাৰ বিশ্বাস, শংকৰ সূত্ৰধৰ, অখিল মণ্ডলকে আদি কৰি ভালে সংখ্যক বিপিএফ নেতা আৰু সমাজকৰ্মী উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd