ৰিয়ান পৰাগৰ বেটিং দৃঢ়তাৰে দুৰ্বল মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়

ইণ্টাৰনেটৰ পৰা সংগৃহীত ৰিয়ান পৰাগৰ ফটো

প্ৰথমখন খেলত পৰাজয়ৰ পাছত ক্ৰিকেটৰ শিশু মিজোৰামৰ বিৰুদ্ধে জয়লাভ কৰিছে অসমে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটৰ নিজৰ দ্বিতীয়খন খেলত প্ৰথমে বেট ধৰি অসমে নিৰ্ধাৰিত অভাৰত ৪ টা উইকেট হেৰুৱাই ২০১ ৰাণ সংগ্ৰহ কৰে।

দলৰ হৈ ৰিয়ান পৰাগে সৰ্বাধিক ৬৩ ৰাণৰ বৰঙণি যোগায়। ৰিয়ানৰ উপৰিও দুই অপেনাৰ পল্লৱ কুমাৰ দাস আৰু ঋষভ দাসে ক্ৰমে ৪৩ ৰাণ আৰু ৫৬ ৰাণৰ দুটা আক্ৰমণাত্মক ইনিংছ খেলি দলৰ ভেটি গঢ়িবলৈ সক্ষম হয়।

আনহাতে, জয়ৰ বাবে ২০২ ৰাণৰ লক্ষ্য আগত লৈ খেলিবলৈ আৰম্ভ কৰা মিজোৰামে অসমৰ ব’লাৰ সকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ২০ অভাৰত মাত্ৰ ৭০ ৰাণহে সংগ্ৰহ কৰি ১৩১ ৰাণৰ ব্যাৱধানত পৰাজয়ৰ সন্মুখীন হয়।

অসমৰ হৈ বলিঙত আবু নাছিম আহমেদ আৰু জিতুমণি কলিতাই দুটাকৈ উইকেট দখল কৰে। পল্লৱ কুমাৰ দাস আৰু দীপক গোহাঁইয়ে লাভ কৰে এটাকৈ উইকেট।