NORTHEAST NOW (Assamese)

বিজয় অসমৰ গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ হাতত পৰিছে বহু গোপন তথ্য : ডি জি পি

May 22, 2019 4:18 pm · অনিৰ্বান পাঠক
Updated: May 22, 2019 4:20 pm
ডিজিপি কুলধৰ শইকীয়া। ফাইল ফটো

মহানগৰীৰ জু–ৰ’ডস্থিত “গুৱাহাটী চেণ্ট্ৰেল”ৰ বিস্ফোৰণৰ মূল অভিযুক্ত তথা আলফা স্বাধীনৰ কেডাৰ বিজয় অসমক মঙলবাৰে তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰাৰ পিছতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সীমাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

আজি গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত শীৰ্ষ আৰক্ষী বিষয়াৰে সৈতে জৰুৰী বৈঠক অনুষ্ঠিত কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুল শইকীয়াই অৰুণাচল আৰু নাগালেণ্ডৰ সীমামূৰীয়া জিলাৰ আৰক্ষী অধীক্ষকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে বিজয় অসমৰ গ্ৰেপ্তাৰৰ পিছতে অসম আৰক্ষীৰ হাতত বহু গোপন তথ্য আহি পৰিছে বুলি সঞ্চালক প্ৰধান গৰাকীয়ে সদৰী কৰে। অৱশ্যে এই সম্পৰ্কে সবিশেষ জনোৱাৰ পৰা বিৰত থাকি শইকীয়াই কয়, ‘জেৰা-তদন্ত অব্যাহত আছে,গতিকে এতিয়াই অধিক নকওঁ।’

‘সমগ্ৰ অভিযানত প্ৰতিখন জিলাৰ আৰক্ষীয়ে যুটীয়াভাৱে সহযোগ কৰাৰ বাবে কূটাঘাতকাৰীক কৰায়ত্ত কৰাটো সম্ভৱ হৈ উঠিল’ শইকীয়াই কয়।

ইপিনে কাইলৈ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰ দিশটো চোৱা চিতাৰ বাবে অসম আৰক্ষীক সাজু হৈ আছে বুলি তেওঁ জনায়। ভোটগণনাৰ দিনা অধিক নিৰাপত্তাৰক্ষীৰ কোম্পানী মোটায়েন কৰা হ’ব বুলি জানিবলৈ দি তেওঁ লগতে কয় যে বহিঃ ৰাজ্যলৈ নিৰ্বাচনী দায়িত্বত যোৱা কোম্পানী ইতিমধ্যে অসম আহি পাইছে।

Related News