NORTHEAST NOW (Assamese)

হাফলঙত কুঁৱাত পৰি কিশোৰৰ কৰুণ মৃত্যু : জীৱন্তে উদ্ধাৰ কৰাত ব্যৰ্থ দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া

August 27, 2018 11:28 am · পংকজ কুমাৰ দেব
প্রতিনিধিত্বমূলক ফটো

এক মৰ্মান্তিক ঘটনাত ডিমা হাচাও জিলাৰ হাফলঙ পাইকাৰী সমবায় সমিতিৰ পিছফালে দেওবাৰে কুঁৱাত পৰি এটি শিশুৱে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে এটি কিশোৰ এটা কুঁৱাৰ পাৰত গা ধুই থকাৰ সময়তে দুৰ্ঘটনাক্ৰমে কুঁৱাটোত পৰি যায়।

দুৰ্ঘটনাটোৰ পিছতে চুবুৰীয়া লোকসকলে লগে লগে আৰক্ষীক খৱৰ দিয়াৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ তথা জৰুৰীকালীন সেৱাকো খৱৰ দিয়ে।

জৰুৰীকালীন সেৱাৰ বিষয়াসকল ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ কুঁৱাৰ পৰা কিশোৰটিক উদ্ধাৰ কৰি হাফলং অসামৰিক হাস্পাতললৈ লৈ যায় যদিও চিকিৎসকে কিশোৰটিক মৃত বুলি ঘোষণা কৰে।

সূত্ৰ অনুসৰি কিশোৰটিয়ে কুঁৱাটোৰ পাৰত তেওঁৰ ভনীয়েকৰ সৈতে গা ধুই আছিল আৰু আশ্চৰ্যজনকভাৱে কুঁৱাটোত পৰি যায়।

স্থানীয় লোকসকলে অভিযোগ কৰে যে ঘটনাটোৰ বিষয়ে খৱৰ দিয়াৰ পিছতে দুৰ্যোগ ব্যৱস্থাপনা আৰু জৰুৰীকালীন সেৱাৰ বিষয়াসকলে সময়মতে ঘটনাস্থলীত উপস্থিত হয় যদিও তেওঁলোক সু-প্ৰশিক্ষিত নাছিল।

‘’ কিন্তু তেওঁলোক ভালদৰে প্ৰশিক্ষিত নাছিল কিয়নো তেওংলোকে কিশোৰটিক কুঁৱাটোৰ পৰা জীৱন্তে উদ্ধাৰ কৰাত ব্যৰ্থ হ’ল,’’-স্থানীয় লোকে এনেদৰে মত প্ৰকাশ কৰে।

সূত্ৰসমূহে লগতে জানিব দিয়ে যে প্ৰায় ১১ বছৰীয়া সুমিত দাস নামৰ কিশোৰটি যেতিয়া গা ধুই আছিল তেতিয়া তেওঁৰ মাতৃগৰাকী ঘৰৰ বাহিৰত আছিল।

Related News