• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ বিৰুদ্ধে দুই কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি নগাঁও দেৱানী আদালতত গোচৰ দম্পতিৰ

মিণ্টু দাস by মিণ্টু দাস
August 27, 2018 10:18 am
লামডিঙৰ দম্পতি

অসম চৰকাৰৰ বিৰুদ্ধে দুই কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি নগাঁও দেৱানী আদালতত গোচৰ তৰা লামডিঙৰ দম্পতি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পোৱাৰ সময়তে অসম চৰকাৰ আৰু আৰক্ষী বিভাগৰ বিৰুদ্ধে বিদেশী বুলি জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ প্ৰসংগত নগাঁও দেৱানী আদালতত এহাল দম্পতীয়ে ক্ষতিপূৰণ বিচাৰি গোচৰ তৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰে’ল নগৰী লামডিঙৰ ৰোহিদাস বসাক আৰু ৰত্না বসাক নামৰ এই দম্পতী হালে তেওঁলোকক হোজাইৰ বিদেশী ন্যায়াধীকৰণে তেওঁলোকলৈ বিদেশীৰ সন্দেহত জাননী পঠিওৱা কাৰ্যত অপমানিত অনুভৱ কৰি ইয়াৰ বিৰুদ্ধে নগাঁও দেৱানী আদালতত পৃথকে পৃথকে এক কোটিকৈ টকাৰ ক্ষতিপূৰণ বিচাৰি গোচৰ তৰিছে। গোচৰ দুটাত তেওঁলোকে অসম চৰকাৰৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযুক্ত হিচাপে উল্লেখ কৰিছে।

Apply Now

উল্লেখ্য যে ২০১৭ বৰ্ষৰ জুলাই মাহত হোজাইৰ বিদেশী ন্যায়াধীকৰণে লামডিঙৰ হাফলং ৰোড পাইক পাৰাৰ বাসিন্দা প্ৰয়াত শ্ৰীদামচন্দ্ৰ বসাকৰ পুত্ৰ ৰোহিদাস বসাক আৰু তেওঁৰ পত্নী ৰত্না বসাকক বিদেশী বুলি চিহ্নিত কৰি তেওঁলোকলৈ জাননী প্ৰেৰণ কৰিছিল।

ইপিনে বসাক দম্পতীৰ মতে তেওঁলোকৰ পিতৃ শ্ৰীদামচন্দ্ৰ বসাকে ১৯৫১ চনত লামডিঙৰ ৰে’ল বিভাগত চাকৰিত যোগদান কৰিছিল। ১৯৮৪ চনত তেওঁ ৰে’ল বিভাগৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তদুপৰি ১৯৬১ আৰু ১৯৭১ চনৰ ভোটাৰ তালিকাত ৰোহিদাস বসাকৰ পিতৃ শ্ৰীদামচন্দ্ৰ বসাকৰ নাম সন্নিবিষ্ট আছে।

একেদৰে তেওঁৰ পত্নী ৰত্না বসাকৰ পিতৃৰ ১৯৭১ চনৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ আছে। এনে ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণে তেওঁলোকলৈ বিদেশী বুলি জাননী জাৰী কৰাত আচৰিত হৈ বিদেশী ন্যায়াধীকৰণৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি গৃহ বিভাগৰ সচিব আদিলৈ তেওঁ যে প্ৰকৃত ভাৰতীয় নাগৰিক সেই সম্পৰ্কত তথ্যসমূহ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিচতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম ভাগত বিদেশী ন্যায়াধীকৰণে বসাক দম্পত্তিক সন্দেহাতীতভাৱে ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে। কিন্তু বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি জাননী জাৰি কৰাত অপমানিত অনুভৱ কৰি পৃথকে পৃথকে দম্পতী হালে অসম চৰকাৰ আৰু সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে ১ কোটিকৈ টকাৰ ক্ষতিপূৰণ বিচাৰি গোচৰ তৰে।

অহা ২৮ ছেপ্টেম্বৰত গোচৰটোৰ পৰবৰ্তী শুনানীৰ তাৰিখ প্ৰদান কৰিছে আদালতে। আদালতত ৰত্না বসাকে তৰা গোচৰটোৰ নম্বৰ হৈছে ৩১/১৮ আৰু ৰোহিদাস বসাকে তৰা গোচৰটোৰ নম্বৰ হৈছে ৩২/১৮। দুয়োটা গোচৰতে দম্পতী হালে অসম চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, নগাঁও জিলা সীমান্ত বিভাগৰ আৰক্ষী অধীক্ষক, হোজাই জিলাৰ আৰক্ষী অধীক্ষক আৰু লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অভিযুক্ত হিচাপে উল্লেখ কৰিছে।

ন্যায়াধীকৰণে দুয়োজনকে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচতহে অসমলৈ আহি লামডিং আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰীক ফিল্ড কলনিত বসবাস কৰিছিল বুলি অভিযুক্ত কৰি জাননী প্ৰেৰণ কৰে। দীৰ্ঘদিন ধৰি ন্যায়াধীকৰণত এই গোচৰ চলাৰ পিচত ৰোহিদাস বসাকে তেওঁৰ পিতৃ শ্ৰীদামচন্দ্ৰ বসাক আৰু মাতৃ সব্যাৰাণী বসাকৰ ১৯৬৬ আৰু ১৯৭০ চনৰ লামডিং বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত নাম থকা, তেওঁৰ ১৯৮৫, ১৯৯৭, ২০১১ চনৰ ভোটাৰ তালিকাত নাম থকা আদি তথ্যসমূহ দাখিল কৰে।

তদুপৰি লামডিঙৰ নবাৰুণ বিদ্যালয়ত ৰোহিদাস বসাকে ১৯৭১ চনত অধ্যয়ন কৰা তথ্য, ৰে’লৰ চাকৰি কৰাৰ বাবে বিভাগে তেওঁলোকৰ বিভাগীয় সদস্য হিচাপে উল্লেখ কৰা তথ্য আদিও ন্যায়াধীকৰণক ৰোহিদাস বসাকে দাখিল কৰে। এনেদৰে দাখিল কৰা তথ্য সমূহ চালিজাৰি চোৱাৰ পিচত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম ভাগত বিদেশী ন্যায়াধীকৰণে শ্ৰীদাম বসাক ওৰফে শ্ৰীদাম চন্দ্ৰ বসাকৰ পুত্ৰ ৰোহিদাস বসাকক বিদেশী নহয় বুলি অৰ্থাৎ প্ৰকৃত ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰে।

একেদৰে ৰোহিদাস বসাকৰ পত্নী ৰত্না বসাকৰ পিতৃ বিৰেশ্বৰ মজুমদাৰ আৰু তেওঁৰ পত্নী শিয়াৰাণীৰ ১৯৬৬, ১৯৭০, ১৯৮৯ চনত ডিফু বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাত নাম থকা, পৰবৰ্তী সময়ৰ ভোটাৰ তালিকা সমূহতো ৰত্না বসাক আৰু তেওঁৰ পিতৃ পৰিয়ালৰ নাম থকা তথ্যসমূহ চাই বিদেশী ন্যয়াধীকৰণে তেওঁকো বিদেশী নহয় বুলি অৰ্থাৎ প্ৰকৃত ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰে।

লক্ষ্যণীয় কথা সুদীৰ্ঘ দিন ন্যায়াধীকৰণত বসাক দম্পত্তিয়ে নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে আইনী যুঁজ দি থকাৰ লগতে এই সমূহ তথ্য দেশৰ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰালয়, বিদেশ মন্ত্ৰালয় আদিলৈও প্ৰেৰণ কৰি শেষান্তৰত প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে ন্যায়াধীকৰণৰ পৰা ৰায় লাভ কৰে যদিও এই সুদীৰ্ঘ সময়ছোৱাত ৰোহিদাস বসাক আৰু তেওঁৰ পত্নী ৰত্নাদাস বসাক মানসিকভাবে ভাৰাক্ৰান্ত হৈ পৰিছিল।

তদুপৰি তথ্য পাতি গোটোৱা বা ন্যায়াধীকৰণৰ গোচৰ সংক্ৰান্তত যথেষ্ট পৰিমাণৰ ধনো খৰচ হৈছিল তেওঁলোকৰ। সেয়ে বিদেশী ন্যায়াধীকৰণে বিদেশী নহয় বুলি ৰায় প্ৰদান কৰিলেও ভুল ভাৱে তেওঁলোকক বিদেশী কৰিব বিচৰা কাৰ্যত অপমানিত আৰু হাৰাশাস্তি অনুভৱ কৰি বসাক দম্পত্তিয়ে অসম চৰকাৰ আৰু আৰক্ষীৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে নগাঁও দেৱানী আদালতত পৃথকে পৃথকে ১ কোটিকৈ মুঠ ২ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি গোচৰ তৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd