NORTHEAST NOW (Assamese)

সোণোৱাল ৰাসৰ বতৰত কৃষ্ণ হৈ থকাই ভাল : তৰুণ গগৈ

November 14, 2019 2:50 pm · কল্পজ্যোতি শইকীয়া
তৰুণ গগৈৰ ফাইল ছবি।

‘১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয় যদিও অসম চৰকাৰে এই দিনটো পালন নকৰিলে। ইয়াৰ দ্বাৰা সোণোৱাল চৰকাৰে যে শিশুসকলক গুৰুত্ব নিদিয়ে তাৰ প্ৰমাণ হৈছে’। এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

চৰকাৰী আবাসত সংবাদমেল সম্বোধন কৰা গগৈয়ে সোণোৱালক সমালোচনা কৰি কয়, ‘এই চৰকাৰে শিশু আঁচনিৰ ওপৰত গুৰুত্ব দিয়া নাই। কিন্তু আমাৰ দিনত অতি উলহ মালহেৰে শিশু দিৱস পতা হৈছিল’।

ইয়াৰ উপৰি তেওঁ শিশুৰ ওপৰত যৌন নিৰ্যাতন ভাৰতৰ ভিতৰত অসমতে সৰ্বাধিক বুলিও মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘ফেব্ৰুৱাৰিত ‘ফিল্ম ফেয়াৰ’ পাতিবলৈ কোটি কোটি টকা ক’ৰ পৰা ওলাল? সোণোৱালে চিনেমা কৰাই ভাল। ৰাসৰ বতৰত এই এমাহ সোণোৱাল কৃষ্ণ হৈ থকাই ভাল। এইখন উৎসৱ পতা চৰকাৰ’।

‘দুৰ্নীতি মুক্তৰ কথা কোৱা চৰকাৰ খনেই দুৰ্নীতি কৰি আছে। ছিণ্ডিকেট বাঢ়ি আছে দিনে দিনে। আমাৰ দিনটো চলিছিল, কিন্তু ইমান বেছিকৈ ছিণ্ডিকেট চলা নাছিল’। গগৈৰ মন্তব্য।

তেওঁ লগতে কয় যে উন্নয়ন নকৰি ৰাইজৰ ধন অপচয় কৰি উৎসৱ পতা প্ৰথম চৰকাৰ এইখন। এন আৰ চিয়ে বিদেশী চিনাক্তকৰণ নকৰি দেশী সকলকহে বিদেশী বনালে। নাম বাদ পৰা ১৯ লাখ লোকৰ ভৱিষ্যত অন্ধকাৰ।

এন আৰ চিৰ কথা অমিত শ্বাহে নোকোৱা হ’ল। যদি কেব আনেই তেন্তে এই টকা পইচাখিনি কিয় খৰচ কৰিলে? কেব আনিলে এন আৰ চিৰ অৰ্থ নাইকিয়া হৈ যাব।

এই সন্দৰ্ভত গগৈয়ে কয়, ‘ৰঞ্জন গগৈয়ে হাজেলাক বেছিকৈ গুৰুত্ব দি ভুল কৰিছে বুলি মই ক’ম। তেওঁ গুৰুত্ব দিব লাগিছিল ৰেজিষ্টাৰ জেনেৰেলক। শুদ্ধ এন আৰ চি নকৰালৈকে হাজেলাক তেওঁ যাবলৈ দিব নালাগিছিল। তেওঁ হাজেলাক ক’ব লাগিছিল NRC ত যি খিনি ভুল আছে সেইখিনি প্ৰথমে ঠিক কৰা। হাজেলাই এতিয়া কাক দায়িত্ব দি মধ্যপ্ৰদেশলৈ গ’ল? এই চৰকাৰখনে একো নিয়ম-নীতি নাজানে’।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উদ্দেশ্যি গগৈয়ে কয়, ‘হাজেলাৰ প্ৰতি সহানুভুতি দেখুৱালে ৰঞ্জন গগৈয়ে। হাজেলাই একো ভাল কাম কৰা নাই তেওঁক এৱাৰ্ড দিবলৈ। হাজেলাৰ খুচি মতে মধ্য প্ৰদেশলৈ যোৱাৰ সুবিধা কৰি দিলে। মোৰ চিঠিৰো উত্তৰ নিদিলে ৰঞ্জন গগৈয়ে’।

ইয়াৰ উপৰি হাজেলা বা ৰঞ্জন গগৈয়ে ক’লেও এইখন শুদ্ধ এন আৰ চি নহয় বুলি গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ পৰৱৰ্তী মুখ্য ন্যায়াধীশক বাদ পৰা ১৯ লাখৰ প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত সোমোৱাব লাগে বুলিও ক’ব।

আনহাতে কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতক লৈ সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ‘কংগ্ৰেছত আগৰ পৰাই সংঘাত আছে, এয়া নতুন কথা নহয়। এসময়ত ৰিপুন বৰাই হিমন্তৰ লগ লাগি মোৰ বিৰোধিতা কৰিছিল। তদুপৰি বৰ্তমানৰ বিধায়ক খালেকেও মোৰ বিৰোধিতা কৰিছিল’।

সভাপতি হোৱাৰ হাবিয়াস নাই বুলি মন্তব্য কৰি গগৈয়ে মেজৰিটি সংখ্যকে যদি নেতৃত্ব সলনি কৰাৰ কথা কৈ আছে তেন্তে হাইকমাণ্ডে সলনি কৰিব লাগে বুলি মন্তব্য কৰে।

Related News