NORTHEAST NOW (Assamese)

অনুসূচিত জনজাতি আৰু অ’ বি চি ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় জলপানি আঁচনি ৰূপায়নত শীৰ্ষত অসম

June 13, 2019 11:56 am · এন ই নাও নিউজ
Updated: June 13, 2019 11:59 am
কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুণ মুণ্ডাৰ পৰা সম্বৰ্ধনা গ্ৰহণৰ সময়ত মন্ত্ৰী চন্দন ব্ৰহ্ম

দেশৰ ভিতৰতে অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা ৰাষ্ট্ৰীয় জলপানি আঁচনি ৰূপায়নৰ ক্ষেত্ৰত অসমে শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে আয়োজন কৰা এক সমাৰোহত অসমে দেখুওৱা এই কৃতিত্বৰ বাবে ৰাজ্যৰ ভৈয়াম জনজাতি আৰু অন্যন্য পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্মক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ব্ৰহ্মক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই সম্বৰ্ধনা জনায়।

সমাৰোহত উপস্থিত থাকি অসমৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ সঞ্চালক বিভাস মোদীয়ে কয়, ‘বিগত দুটা বছৰে পুঁজিৰ অভাৱত আঁচনিখন আগুৱাই যোৱা নাছিল। কিন্তু ৩ মাহৰ ভিতৰত অইনলাইন ব্যৱস্থাৰে অসমে লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে।‘

‘পোষ্ট আৰু প্ৰি মেট্ৰিকৰ জনজাতিৰ ৪০ হাজাৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ আৱেদন ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে। ২০১৮-১৯ বৰ্ষৰ ৫১ কোটি টকা এমাহৰ ভিতৰত জলপানিৰ বাবে দিয়া হৈছে। তদুপৰি সকলো একাউণ্ট পৰীক্ষা কৰা হৈছে।‘ তেওঁ লগতে কয়।

উক্ত সমাৰোহত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ উপৰি আৰু জনজাতি পৰিক্ৰমা বিভাগক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰেণুকা সিং ছৰুটাৰ লগতে বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Related News