• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত চহিদ হ’ল অসমৰ নিৰোদ শৰ্মা

চহিদ নিৰোদ শৰ্মাৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2019 11:57 am

2 min read

Nirod Sarma
1.7k
VIEWS
Share on FacebookShare on Twitter

১২ জুন অৰ্থাৎ বুধবাৰে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সংঘটিত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত অসমৰ এজন চি আৰ পি এফ জোৱান চহিদ হ’ব লগীয়া হ’ল। নিৰোদ শৰ্মা নামৰ চহিদ জোৱানজনৰ ঘৰ নলবাৰীৰ বৰমাৰ দহকাউনীয়াত।

তেওঁ ১১৬ নং চি আৰ পি এফ বেটেলিয়নৰ বি (ব্ৰেভো) কোম্পানীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল। তেওঁ পত্নীসহ দুই কন্যা সন্তান আৰু মাতৃক এৰি থৈ গৈছে।

উল্লেখযোগ্য যে ১৯৯১ চনত চি আৰ পি এফত যোগদান কৰিছিল চহিদ বিষয়াগৰাকীয়ে। সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশ সেৱাত নিয়োজিত নিৰোদ শৰ্মা বিগত ১০ বছৰ ধৰি আছিল জম্মু–কাশ্মীৰত।

২০০৪ চনত টিহুৰ শিয়ালমাৰীৰ জোনালী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা নিৰোদ শৰ্মাৰ দুই কন্যা দীক্ষিতা আৰু হিমাংগী বৰ্তমান বৰমাৰ শংকৰদেৱ শিশু নিকেতনত পঢ়ি আছে।

Nirod Sarma
পত্নীৰ সৈতে চহিদ জোৱান নিৰোদ শৰ্মা

স্বৰ্গীয় প্ৰভাত শৰ্মা আৰু প্ৰিয়বালা দেৱীৰ দ্বিতীয় পুত্ৰ নিৰোদ শৰ্মাৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ লগতে তেওঁৰ জন্মস্থান নলবাৰীৰ দহকাউনীয়াবাসী শোকস্তব্ধ হৈ পৰিছে।

উল্লেখযোগ্য যে বুধবাৰে সংঘটিত এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণত নিৰোদ শৰ্মাৰ উপৰি চি আৰ পি এফৰ আন চাৰিজন জোৱানো চহিদ হয়।

ইফালে ৰাজ্য চৰকাৰে চহিদ নিৰোদ শৰ্মাৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে। ইয়াৰ উপৰি নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জনায় জিলা উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীয়ে।

Recent News

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd