টংলাত নৱবৰ্ষত বিক্ৰীৰ বাবে অবৈধভাৱে মজুত কৰা ২০০ কাৰ্টন সুৰা জব্দ

অৰুণাচলৰ পৰা অবৈধভাৱে অহা সুৰাই ৰাজ্য চৰকাৰক বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত কৰি থকাৰ মাজতে ২৫ ডিচেম্বৰত টংলাত এটা ভাৰাঘৰৰ পৰা ২০০ কাৰ্টন সুৰা জব্দ কৰিছে আৰক্ষী আৰু আবকাৰী বিভাগে।

জানিব পৰামতে ওদালগুৰি জিলাৰ আবকাৰী বিভাগে আৰক্ষীৰ সহযোগত টংলা চহৰত ৰখাই থোৱা এখন বাহনৰ আঁত ধৰি এই অভিযানটো চলাইছিল। অভিযানটোৰ সময়ত বাহনখন ৰখাই থোৱা এটা ঘৰৰ ভিতৰত তালাচী চলোৱাত সুৰাভৰ্তি কাৰ্টনবোৰ ধৰা পৰে। অভিযানকাৰী দলটোৱে কাৰ্য্যবাহী দণ্ডাধীস কাৰ্তিক কাথাৰ আৰু ৱাৰ্ড কমিশ্যনাৰ দীপালী চাকলাদাৰৰ উপস্থিতিত এই সুৰাৰ কাৰ্টনবোৰ জব্দ কৰে।

অৱশ্যে ঘটনাটোৰ লগত কোন জড়িত এতিয়াও স্পষ্ট হোৱা নাই। অভিযানটোত জড়িত থকা আবকাৰী বিভাগৰ বিষয়াই জনোৱামতে, ভাৰাঘৰটোৰ স্বত্বাধিকাৰী অনিতা দে’ অসমৰ বাহিৰত থাকে। আনহাতে ঘৰটো কোনে ভাৰাত লৈছিল সেয়া জানিবলৈ আৰক্ষী আৰু আবকাৰী বিভাগৰ বিষয়াসকল সক্ষম হোৱা নাই।

সন্দেহ কৰামতে, আগন্তুক ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰিত ব্যাপক চাহিদাৰ সম্ভাৱনাৰ কথা ভাবি কোনো অবৈধ সুৰা ব্যৱসায়ীয়ে এইদৰে মজুত কৰি ৰাখিছিল সুৰাৰ কাৰ্টনকেইটা।

মন কৰিব লগীয়া যে ৰাজ্যখনলৈ চুবুৰীয়া অৰুণচলৰ পৰা বৃহৎ হাৰত অৰুণাচলী সুৰাৰ চালান হয়, যিবোৰ অবৈধ আৰু অসম চৰকাৰৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এটা বিৰাট ঘাটিৰ কাৰণ বুলিব পাৰি। চৰকাৰে এই সন্দৰ্ভত বিভিন্ন পদক্ষেপ লৈছে যদিও সেয়া ৰোধ কৰিব পৰা নাই।