ৰাজ্যিক বাজেট ২০২৩-২৪: বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল; কি প্ৰতিশ্ৰুতি?

ফটো: টুইটাৰৰ সৌজন্যত।

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৩-২৪ বৰ্ষৰ বাবে ৯৩৫.২৩ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিছে। বাজেটত ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন দিয়া হৈছে। এইবাৰৰ বাজেটক বিত্তমন্ত্ৰীগৰাকীয়ে একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি অভিহিত কৰিছে।

বাজেট ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো প্ৰশংসা বিত্তমন্ত্ৰীৰ। বৰ্তমান ৰাজ্য চৰকাৰৰ  প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থা উন্নতি ঘটিছে বুলি বাজেট ভাষণত দাবী কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে।  

বিত্তমন্ত্ৰীয়ে দাবী কৰে যে মুঠ ঘৰুৱা উৎপাদন– ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত চৰকাৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ব।

বাজেটত চলিত বৰ্ষত অতিৰিক্ত ৩ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিত ১২৬০ কিলোমিটাৰ পথ উন্নীতকৰণৰ কথা বাজেটত কোৱা হৈছে।

আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩৬,১৫৯ গৰাকী কৰ্মচাৰী উপকৃত হোৱাৰ কথাও বাজেটত উল্লেখ কৰা হৈছে। তদুপৰি, ৩১,১২৬ কোটি টকা ব্যয় সাপেক্ষে ১৫ টা প্ৰকল্প কাম সম্পাদনৰ কথা উল্লেখ কৰা হৈছে।

বিত্তমন্ত্ৰীয়ে সদৰী কৰা মতে, ২০২১ চনৰ ১০ মে’ৰ পৰা ৪১,৯২০ গৰাকী প্ৰাৰ্থীক চৰকাৰী খণ্ডত নিযুক্তি দিয়া হৈছে। সেইদৰে, ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু সোনকালেই এই প্ৰক্ৰিয়া সমাপ্ত হ’ব।

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য শেষ পৰ্যায়ত উপনীত হোৱাৰ লগতে চৰাইদেউ আৰু বিশ্বনাথত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ হোৱাৰ কথা সদৰী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তামুলপুৰ, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু মৰিগাঁৱত ৫খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে।

বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২১৪খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে আৰু আন ৭১৬খন বিদ্যালয়কো উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, তিনি বছৰীয়া অংগনৱাড়ী শিক্ষাক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সৈতে সংমিশ্ৰিত কৰি পাঁচ শ্ৰেণীৰ বুনিয়াদী শিক্ষা হিচাপে নামকৰণ কৰাত অনুমোদন জনাইছে চৰকাৰে। তদুপৰি, ১১৯খন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছে ।