• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক বাজেট ২০২৩-২৪: বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল; কি প্ৰতিশ্ৰুতি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 12:38 pm
ফটো: টুইটাৰৰ সৌজন্যত।

ফটো: টুইটাৰৰ সৌজন্যত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৩-২৪ বৰ্ষৰ বাবে ৯৩৫.২৩ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিছে। বাজেটত ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন দিয়া হৈছে। এইবাৰৰ বাজেটক বিত্তমন্ত্ৰীগৰাকীয়ে একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি অভিহিত কৰিছে।

বাজেট ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো প্ৰশংসা বিত্তমন্ত্ৰীৰ। বৰ্তমান ৰাজ্য চৰকাৰৰ  প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থা উন্নতি ঘটিছে বুলি বাজেট ভাষণত দাবী কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে।  

বিত্তমন্ত্ৰীয়ে দাবী কৰে যে মুঠ ঘৰুৱা উৎপাদন– ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত চৰকাৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ব।

Apply Now

বাজেটত চলিত বৰ্ষত অতিৰিক্ত ৩ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিত ১২৬০ কিলোমিটাৰ পথ উন্নীতকৰণৰ কথা বাজেটত কোৱা হৈছে।

আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩৬,১৫৯ গৰাকী কৰ্মচাৰী উপকৃত হোৱাৰ কথাও বাজেটত উল্লেখ কৰা হৈছে। তদুপৰি, ৩১,১২৬ কোটি টকা ব্যয় সাপেক্ষে ১৫ টা প্ৰকল্প কাম সম্পাদনৰ কথা উল্লেখ কৰা হৈছে।

বিত্তমন্ত্ৰীয়ে সদৰী কৰা মতে, ২০২১ চনৰ ১০ মে’ৰ পৰা ৪১,৯২০ গৰাকী প্ৰাৰ্থীক চৰকাৰী খণ্ডত নিযুক্তি দিয়া হৈছে। সেইদৰে, ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু সোনকালেই এই প্ৰক্ৰিয়া সমাপ্ত হ’ব।

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য শেষ পৰ্যায়ত উপনীত হোৱাৰ লগতে চৰাইদেউ আৰু বিশ্বনাথত দুখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম আৰম্ভ হোৱাৰ কথা সদৰী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তামুলপুৰ, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু মৰিগাঁৱত ৫খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে।

বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২১৪খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে আৰু আন ৭১৬খন বিদ্যালয়কো উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, তিনি বছৰীয়া অংগনৱাড়ী শিক্ষাক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰমৰ সৈতে সংমিশ্ৰিত কৰি পাঁচ শ্ৰেণীৰ বুনিয়াদী শিক্ষা হিচাপে নামকৰণ কৰাত অনুমোদন জনাইছে চৰকাৰে। তদুপৰি, ১১৯খন আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd