NORTHEAST NOW (Assamese)

অসম বাজেট ২০২০-২১ Live Updates; চাহ জনগোষ্ঠীৰ বাবে কি আছে এইবাৰৰ বাজেটত??

March 6, 2020 3:44 pm · এন ই নাও নিউজ

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰে।

২০২০-২১ বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাজেটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ ভালেমান আঁচনি লৈ আহিছে। কি আছে চাহ জনগোষ্ঠীৰ লোক সকলৰ বাবে এইবাৰৰ বাজেটত জানো আহক-

  • চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ বাবে বিত্ত বিভাগে ২০২০-২১ বৰ্ষৰ বাজেটত ২২০ কোটি টকাৰ আৱণ্টৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।
  • চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ কল্যাণ আঁচনিৰ অধীনত মহিলা চাহ শ্ৰমিক সকলৰ গৰ্ভধাৰণ আৰু প্ৰসৱকালীন সময়ত মজুৰি ক্ষতিপুৰণৰ ৰাশি বৰ্তমানৰ ৬ মাহৰ পৰা ৯ মাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  • নৱজাতকৰ লগতে গৰ্ভধাৰণৰ সময়ছোৱাত মাতৃগৰাকীলৈ মজুৰি ক্ষতিপুৰণ ৰাশি ১৮,০০০ টকালৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ।
  • ২০২০-২১ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠী আৰু আদিবাসী শিক্ষাৰ্থীৰ শিক্ষা ব্যয়ৰ বাবে চৰকাৰে ১০,০০০ টকাৰ এককালীন সাহায্যৰাশি ধাৰ্য কৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলেও এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।
  • আগন্তুক বিত্তীয় বৰ্ষত ২০,০০০ চাহ জনগোষ্ঠী আৰু আদিবাসী উদ্যমী যুৱকলৈ এককালীন সাহায্য আঁচনিৰ অধীনত ২৫,০০০ টকা আগবঢ়োৱা হ’ব।
  • ২০১৮-১৯ বিত্তীয় বৰ্ষত চাহা বাগানৰ লাইনৰ চৰ্দাৰসকলৰ যোগাযোগৰ সুৰিধাৰ্থে ১১,০০০ স্মাৰ্টফোন বিতৰণ কৰা হৈছিল। আগন্তুক বিত্তীয় বৰ্ষত স্মাৰ্ট ফোন লাভ নকৰা চৰ্দাৰসকলকো স্মাৰ্টফোন যোগান ধৰা হ’ব।
  • চাহ বাগিচাত ১০২ খন নতুন হাইস্কুল স্থাপনৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ’ব।
  • চাহ বাগিচা অঞ্চলৰ ১০০ খন খেল পথাৰৰ পুনৰ নিৰ্মাণৰ বাবে গাইপতি ৫ লাখ টকাকৈ ধাৰ্য্য কৰা হৈছে।

Related News