• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাছ ধৰাত নিষেধাজ্ঞা : বাংলাদেশ কঠোৰ হোৱাৰ বিপৰীতে অসমত ফাইলতে সীমাবদ্ধ নিৰ্দেশনা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2019 9:43 am
দেওবাৰে শোণিতপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আসাম ভেলী স্কুলৰ সমীপত এটা আঠ কিলোগ্ৰাম ওজনৰ কণীযুক্ত বৰালী মাছ কাটি বিক্ৰী কৰিছে। ফটো : নৰ্থইষ্ট নাও

দেওবাৰে শোণিতপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আসাম ভেলী স্কুলৰ সমীপত এটা আঠ কিলোগ্ৰাম ওজনৰ কণীযুক্ত বৰালী মাছ কাটি বিক্ৰী কৰিছে। ফটো : নৰ্থইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে বৰ্তমান সময়ছোৱাত মাছ ধৰাৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা দি এক জাননী জাৰি কৰিছিল যদিও বাস্তৱত তাৰ সম্পূৰ্ণ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে। মাছৰ প্ৰজননৰ সময়ছোৱাত এয়া মীন সঞ্চালকালয়ৰ এটা ৰীতিগত নিৰ্দেশ হিচাপেহে পৰিগণিত হৈছে।

চলিত বৰ্ষতো অসমৰ মীন বিভাগে অসমৰ বিশেষকৈ বৰপেটা, কাছাৰ, হাইলাকান্দি, ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, নগাঁও, মৰিগাঁও, কামৰূপ, নলবাৰী, বঙাইগাঁও, কাৰ্বি আংলং, ডিমা হাচাও, ওদালগুৰি, চিৰাং, ধুবুৰী, গোৱালপাৰা, দৰং, বাক্সা, কোকৰাঝাৰ আৰু কৰিমগঞ্জৰ জিলা মীন উন্নয়ন বিষয়াসকললৈ নিৰ্দেশনা জাৰি কৰিছিল।

অসম মীন অধিনিয়ম,১৯৫৩ৰ অধীনত জাৰি কৰা নিৰ্দেশনা অনুসৰি মাছৰ প্ৰজননৰ এই সময়ছোৱাত ৭/১৪ ছে: মি:ৰ তলৰ বৰজাল/মহাজাল বা ফাঁচিজাল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তদুপৰি, যিকোনো পুখুৰীতে কণী দিবলগীয়া নিৰ্দিষ্ট প্ৰজাতিৰ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে এই সময়ছোৱাত কিছুমান প্ৰজাতিৰ নিৰ্দিষ্ট আকৃতিৰ তলৰ মাছ খোৱাৰ বাবে বা বিক্ৰীৰ বাবে যিকোনো পদ্ধতিৰে ধৰা বা মৰাত নিষেধাজ্ঞা জাৰি কৰা আছে।

সকলোবোৰ পুখুৰী তথা প্ৰাকৃতিক জলাশয়ত মাছৰ স্বাভাৱিক প্ৰজনন, বংশ বৃদ্ধি আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অৱশ্যে, এই সকলোবোৰ এতিয়া পাইলতে আৱদ্ধ আছে আৰু প্ৰতিবছৰে ৰাজ্যখনৰ চূকে-কোণে ব্যাপক ৰূপত মাছ ধৰা বা মাছমৰা কাৰ্য চলিয়েই আছে।

চৌপাশে দেখা পোৱা ইয়াৰ ছবিখনে প্ৰকৃত দিশটো উন্মোচন কৰে। ৰাজ্যখনৰ বিভিন্ন স্থানীয় বজাৰসমূহত তথা অস্থায়ী দোকানবোৰত প্ৰশাসনৰ জ্ঞাতসাৰেই প্ৰজননৰ সময়ছোৱাত কণীযুক্ত মাছৰ বিক্ৰী সুলভ ৰূপত হৈ আছে।

কিন্তু ইয়াৰ বিপৰীতে, চুবুৰীয়া দেশ বাংলাদেশে মাছৰ প্ৰজনন নিশ্চিত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বাংলাদেশে বিলুপ্ত প্ৰায় মাছৰ বংশবৃদ্ধি আৰু বিকাশৰ লক্ষ্য সন্মুখত ৰাখি চলিত মাহৰ ২০মে’ৰ পৰা অহা ২৩ জুলাইলৈ ৫৬ দিনৰ বাবে ইয়াৰ উপকূল অঞ্চলত মাছধৰা নিষিদ্ধ কৰিছে।

উক্ত সময়ছোৱাৰ ভিতৰত সকলো ধৰণৰ মাছধৰা সঁজুলি নিষিদ্ধ কৰা হৈছে আৰু উপকূল আৰক্ষীক বিশেষভাৱে বঙ্গোপসাগৰ অঞ্চলত কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিছে।

বাংলাদেশ মাছ ৰপ্তানিৰ ক্ষেত্ৰত, বিশেষকৈ সকলো মাছৰ ৰজা – ইলিছ  ৰপ্তানিৰ ক্ষেত্ৰত পৰিচিত।

এটা সময় আছিল যেতিয়া বঙ্গোপসাগৰত প্ৰজননৰ পাছত পদ্মা নদীৰ বিখ্যাত ইলিছ মাছ আনকি উজাই অসমলৈ- বিশেষকৈ মৰিগাঁও আৰু মঙলদৈলৈকো আহিছিল। কিন্তু কেইবছৰ ধৰি অত্যধিক মাছধৰাৰ ফলত বাংলাদেশত ইলিছ মাছৰ উৎপাদন সাংঘাতিকভাৱে হ্ৰাস পাইছে।

চুবুৰীয়া দেশখনত পূৰ্বতে বাণিজ্যিকভাৱে মাছধৰাৰ ওপৰত হ্ৰস্বকালীন নিষেধাজ্ঞা আছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে স্থানীয় মাছমৰীয়াসকলকে ধৰি সকলোবোৰ মাছধৰা নাও এক দীৰ্ঘকালীন সময়ৰ বাবে নিষিদ্ধ কৰা হৈছে।

অসম চৰকাৰেও মাছৰ প্ৰজননৰ সময়ছোৱাত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে যাতে বাস্তৱিকতে ৰাজ্যখনত স্থানীয় বিভিন্ন প্ৰজাতিৰ মাছসমূহ ৰক্ষা কৰিব পৰা যায়।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd