• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাছ ধৰাত নিষেধাজ্ঞা : বাংলাদেশ কঠোৰ হোৱাৰ বিপৰীতে অসমত ফাইলতে সীমাবদ্ধ নিৰ্দেশনা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2019 9:43 am
দেওবাৰে শোণিতপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আসাম ভেলী স্কুলৰ সমীপত এটা আঠ কিলোগ্ৰাম ওজনৰ কণীযুক্ত বৰালী মাছ কাটি বিক্ৰী কৰিছে। ফটো : নৰ্থইষ্ট নাও

দেওবাৰে শোণিতপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আসাম ভেলী স্কুলৰ সমীপত এটা আঠ কিলোগ্ৰাম ওজনৰ কণীযুক্ত বৰালী মাছ কাটি বিক্ৰী কৰিছে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে বৰ্তমান সময়ছোৱাত মাছ ধৰাৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা দি এক জাননী জাৰি কৰিছিল যদিও বাস্তৱত তাৰ সম্পূৰ্ণ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে। মাছৰ প্ৰজননৰ সময়ছোৱাত এয়া মীন সঞ্চালকালয়ৰ এটা ৰীতিগত নিৰ্দেশ হিচাপেহে পৰিগণিত হৈছে।

চলিত বৰ্ষতো অসমৰ মীন বিভাগে অসমৰ বিশেষকৈ বৰপেটা, কাছাৰ, হাইলাকান্দি, ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, নগাঁও, মৰিগাঁও, কামৰূপ, নলবাৰী, বঙাইগাঁও, কাৰ্বি আংলং, ডিমা হাচাও, ওদালগুৰি, চিৰাং, ধুবুৰী, গোৱালপাৰা, দৰং, বাক্সা, কোকৰাঝাৰ আৰু কৰিমগঞ্জৰ জিলা মীন উন্নয়ন বিষয়াসকললৈ নিৰ্দেশনা জাৰি কৰিছিল।

Apply Now

অসম মীন অধিনিয়ম,১৯৫৩ৰ অধীনত জাৰি কৰা নিৰ্দেশনা অনুসৰি মাছৰ প্ৰজননৰ এই সময়ছোৱাত ৭/১৪ ছে: মি:ৰ তলৰ বৰজাল/মহাজাল বা ফাঁচিজাল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তদুপৰি, যিকোনো পুখুৰীতে কণী দিবলগীয়া নিৰ্দিষ্ট প্ৰজাতিৰ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে এই সময়ছোৱাত কিছুমান প্ৰজাতিৰ নিৰ্দিষ্ট আকৃতিৰ তলৰ মাছ খোৱাৰ বাবে বা বিক্ৰীৰ বাবে যিকোনো পদ্ধতিৰে ধৰা বা মৰাত নিষেধাজ্ঞা জাৰি কৰা আছে।

সকলোবোৰ পুখুৰী তথা প্ৰাকৃতিক জলাশয়ত মাছৰ স্বাভাৱিক প্ৰজনন, বংশ বৃদ্ধি আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অৱশ্যে, এই সকলোবোৰ এতিয়া পাইলতে আৱদ্ধ আছে আৰু প্ৰতিবছৰে ৰাজ্যখনৰ চূকে-কোণে ব্যাপক ৰূপত মাছ ধৰা বা মাছমৰা কাৰ্য চলিয়েই আছে।

চৌপাশে দেখা পোৱা ইয়াৰ ছবিখনে প্ৰকৃত দিশটো উন্মোচন কৰে। ৰাজ্যখনৰ বিভিন্ন স্থানীয় বজাৰসমূহত তথা অস্থায়ী দোকানবোৰত প্ৰশাসনৰ জ্ঞাতসাৰেই প্ৰজননৰ সময়ছোৱাত কণীযুক্ত মাছৰ বিক্ৰী সুলভ ৰূপত হৈ আছে।

কিন্তু ইয়াৰ বিপৰীতে, চুবুৰীয়া দেশ বাংলাদেশে মাছৰ প্ৰজনন নিশ্চিত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বাংলাদেশে বিলুপ্ত প্ৰায় মাছৰ বংশবৃদ্ধি আৰু বিকাশৰ লক্ষ্য সন্মুখত ৰাখি চলিত মাহৰ ২০মে’ৰ পৰা অহা ২৩ জুলাইলৈ ৫৬ দিনৰ বাবে ইয়াৰ উপকূল অঞ্চলত মাছধৰা নিষিদ্ধ কৰিছে।

উক্ত সময়ছোৱাৰ ভিতৰত সকলো ধৰণৰ মাছধৰা সঁজুলি নিষিদ্ধ কৰা হৈছে আৰু উপকূল আৰক্ষীক বিশেষভাৱে বঙ্গোপসাগৰ অঞ্চলত কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিছে।

বাংলাদেশ মাছ ৰপ্তানিৰ ক্ষেত্ৰত, বিশেষকৈ সকলো মাছৰ ৰজা – ইলিছ  ৰপ্তানিৰ ক্ষেত্ৰত পৰিচিত।

এটা সময় আছিল যেতিয়া বঙ্গোপসাগৰত প্ৰজননৰ পাছত পদ্মা নদীৰ বিখ্যাত ইলিছ মাছ আনকি উজাই অসমলৈ- বিশেষকৈ মৰিগাঁও আৰু মঙলদৈলৈকো আহিছিল। কিন্তু কেইবছৰ ধৰি অত্যধিক মাছধৰাৰ ফলত বাংলাদেশত ইলিছ মাছৰ উৎপাদন সাংঘাতিকভাৱে হ্ৰাস পাইছে।

চুবুৰীয়া দেশখনত পূৰ্বতে বাণিজ্যিকভাৱে মাছধৰাৰ ওপৰত হ্ৰস্বকালীন নিষেধাজ্ঞা আছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে স্থানীয় মাছমৰীয়াসকলকে ধৰি সকলোবোৰ মাছধৰা নাও এক দীৰ্ঘকালীন সময়ৰ বাবে নিষিদ্ধ কৰা হৈছে।

অসম চৰকাৰেও মাছৰ প্ৰজননৰ সময়ছোৱাত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে যাতে বাস্তৱিকতে ৰাজ্যখনত স্থানীয় বিভিন্ন প্ৰজাতিৰ মাছসমূহ ৰক্ষা কৰিব পৰা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd