NORTHEAST NOW (Assamese)

ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতিৰ আশংকা, মৃত্যু ৭৯ গৰাকী লোকৰ

July 19, 2020 1:38 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়াৰ দৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ।ফলত ক্ৰমাৎ উন্নত হৈ আহিবলৈ ধৰা বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে

এতিয়া ৰাজ্যৰ ২৭ খন জিলাত সংহাৰী বানে কালান্তক ৰুপ ধাৰণ কৰিছে।বানৰ ফলত এতিয়ালৈকে অসমত মৃত্যু ঘটিছে ৭৯ গৰাকী লোকৰ।

২৭ খন জিলাৰ ভিতৰত বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা কেইখন হৈছে ক্ৰমে শোণিতপুৰ,বিশ্বনাথ চাৰিআলি,তিনিচুকীয়া,লখিমপুৰ,বঙাইগাওঁ,কামৰুপ,গোলাঘাট,

শিৱসাগৰ,ধেমাজী,বৰপেটা,ওডালগুৰি,গোৱালপাৰা,ডিব্ৰুগড,ধুবুৰী, নগাওঁ আদি।

ৰাজ্যৰ ২৬৭৮ খন গাওঁ এতিয়া পানীৰ তলত।বানাক্ৰান্ত জিলা সমূহত চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে যদিও সেয়া পৰ্যান্ত নহয় বুলি বিভিন্ন জনে আপত্তি কৰিছে।

চৰকাৰে ২৭ খন জিলাত ৭১১ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে আৰু তাত প্ৰায় ৫১,৫০০ লোকে আশ্ৰয় গ্ৰহণ কৰিছে ।

ৰাজ্যৰ শেহতীয়া বানত প্ৰায় ২২ লাখ পশুধন ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

কালান্তক বানে এইবেলি ৰাজ্যৰ ১১৬,৪০৪ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু ঘটিছে ৯৬ টা বন্যপ্ৰাণীৰ।উদ্ধাৰ কৰা হৈছে ১৩২টা বন্যপ্ৰাণী।

ইপিনে চৰকাৰে ৰাইজৰ পৰা বানৰ বাবে সাহায্য বিচৰাত ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related News