বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী

ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে বিভিন্ন অঞ্চলত জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্যখনৰ বৃহৎ অঞ্চল বান কবলত পৰিছে। ইতিমধ্যে ৪৪ জন লোকৰ মৃত্যু হৈছে। ডেৰ লাখতকৈ অধিক লোক বানত আক্ৰান্ত হৈছে।

অসম চৰকাৰৰ সূত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, সুৱণশিৰি, ধনশিৰি, জিয়া ভৰলী, পুঠিমাৰী, বেঁকী, গুৰুং, সোণকোষকে ধৰি বিভিন্ন নদীয়ে অবিৰত বৰষুণৰ বাবে বিপদ সীমা অতিক্ৰম কৰিছে।

ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত অংশ পানীৰ তলত বুৰ গৈছে। ইয়াৰ ফলত গঁড়, বনৰীয়া ম’হ, হৰিণকে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে।

লগতে পঢ়কঃ উফন্দি উঠিছে জাতিংগা নদী! হাফলং-শিলচৰ সংযোগী ঘাইপথত ব্যাহত যাতায়ত

অসম বন বিভাগে সোমবাৰে জনোৱা মতে, কাজিৰঙাৰ ২৩৩টা বন শিবিৰৰ ভিতৰত ৬২টাই এতিয়া পানীৰ তলত। প্ৰায় প্ৰতি বছৰে কাজিৰঙাৰ তলৰ অংশ বানপানীত বুৰ যোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ পাৰ হৈ যোৱা বন্যপ্ৰাণীবোৰে কাৰ্বি আংলঙৰ পাহাৰত আশ্ৰয় লয়। সেই সময়ত দ্ৰুতবেগী বাহনৰ ফলত বহু বন্যপ্ৰাণীৰ মৃত্যু হয়।

এনে পৰিস্থিতিত অসম বন বিভাগে উক্ত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন নিয়ন্ত্ৰণ আৰোপ কৰিছে।

ইপিনে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে।

লগতে পঢ়কঃ সংসদত কোনে বন্ধ কৰিছিল ৰাহুল গান্ধীৰ মাইক? স্পষ্ট কৰিলে ওম বিৰলাই

সোমবাৰে এক্স হেণ্ডেলত মোডীৰ ফোন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লিখিছে- “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জীয়ে কিছু সময়ৰ আগতে মোক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল। অসম তথা অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণে বান পৰিস্থিতিৰ দ্বিতীয় ঢৌৰ সৃষ্টি কৰিছে বুলি তেওঁক জনালোঁ। উজনি অসমৰ জিলাসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু উদ্ধাৰ ব্যৱস্থাৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ। এই সংকটৰ সময়ত তেওঁ মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে।”